বাকীছোৱা জীৱন/অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক

ৱিকিউৎসৰ পৰা
[ ২২১ ]

অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক

 এসময়ত ভাবিছিলো সমকামিতা এটা অস্বাভাৱিক লাজ লগা সম্পৰ্ক। সৰুৰে পৰা জানো, বিয়াবোৰ হয় এজন ল'ৰাৰ লগত এজনী ছোৱালীৰ। এতিয়া শুনো এহাল দম্পতীৰ দুয়োজনে পুৰুষ বা দুয়োজনে মহিলা হ’ব পাৰে। এনেধৰণৰ আমাৰ দৃষ্টিত অস্বাভাৱিক সম্পৰ্কক অনেক দেশে বৈধ বুলি মানি লৈছে। পৃথিৱীত ঘটা অসংখ্য ঘটনাক মানি লৈছো যেতিয়া আচহুৱা যেন লাগিলেও সমকামী বিবাহক আজি আৰু আচহুৱা বুলি নাভাবো।

 আমি পুনেত থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণাৰ কামত আহিছিল লিলিয়ানা স্তিয়াকোভিচ নামৰ ছোৱালী এজনী। প্ৰথম ভাৰতলৈ আহি তেওঁ ঠাইখনৰ ৰেহ-ৰূহ চাই ফুৰিছিল আৰু মানুহৰ লগত চিনাকি হৈছিল। আমাৰ পৰিয়ালটোৰ লগত এটা সময়ত তেওঁৰ ঘনিষ্ঠতা হোৱাৰ পাছত এদিন তেওঁ মোক কণ্ঠস্বৰ তললৈ নমাই প্ৰশ্ন এটা কৰিছিল— ‘তোমালোকৰ ইয়াত সমকামীৰ সংখ্যা ইমান বেছি কিয় বাৰু? ভাৰতৰ আন ঠাইতো এনেকুৱাই নেকি? আমাৰ সিফালে দুটা-এটা যোৰাহে সমকামী।’

 লিলিয়ানাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱৰা অৱস্থা মোৰ। তাই ক’ত দেখিলে ইমান সমকামী! সুধিছিলো। ইয়াত হেনো ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই বন্ধুত্ব বেছি। বাটে-পথে দেখে ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই একেলগে ফুৰা! মোৰ যে তাইৰ কথাত হাঁহি উঠিছিল!পাগলিজনীক বুজাই ক’লো যে আমাৰ সংস্কৃতিত ল'ৰা-ছোৱালীয়ে হলি-গলি কৰা নিয়ম নাই। গতিকে সিহঁত সমকামী নহয়। তাই আচৰিত হ'ল মোৰ কথা শুনি।

 ‘কি অদ্ভুত দেশহে তোমালোকৰ। ল’ৰাই ল’ৰাই, ছোৱালীয়ে ছোৱালীয়ে বন্ধুত্ব অথচ সমকামী নহয়। ঘৰলৈ উভতি গৈ মানুহক ক’ব লাগিব।’

[ ২২২ ]  আমি আগৰদিনীয়া ছোৱালীবোৰ বৰ অঁকৰা আছিলো। সমকামী শব্দটো শুনাই নাছিলো। গুৱাহাটীৰে হোষ্টেল এখনৰ ছোৱালীবোৰে কোৱা-কুই কৰিছিল যে হোষ্টেলৰ দুজনী ছোৱালীৰ সম্পৰ্ক বৰ লাজ লগা। যেন দুয়ো গিৰিয়েক-ঘৈণীয়েকহে। দুয়ো একেটা ৰুমতে থাকে। আমি আলেঙে আলেঙে থাকি কৃত্ৰিম প্ৰেমিক-প্ৰেমিকা দুজনীক চাইছিলো। নিলাজ অসভ্য ছোৱালী বুলি নিন্দা কৰা মনত পৰে।

 কেইবাবছৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। গৃহস্থ এবছৰৰ বাবে লণ্ডনলৈ যাওঁতে মই থাকিলো মিৰাণ্ডা হাউছ হোষ্টেলত। ছোৱালী এজনীয়ে এদিন মোক আবেলি তাইৰ ৰুমলৈ মাতি লৈ গৈছিল। বেলকনিত মোক বহিবলৈ চকী এখন আগবঢ়াই দি তাই আন এখনত বহিলে। কোঠাত মূৰ ফণিয়াই আছিল তাইৰ ৰুমমেট। ধৰি ল'লো মোক মাতি নিয়া ছোৱালীজনীৰ নাম ৰূপা আৰু ৰুমমেটৰ নাম ৰমা। ৰূপাই এটা সময়ত ৰমাক মাতি ক’লে চিগাৰেটৰ পেকেটটো দিবলৈ আৰু আমালৈ দুকাপ চাহ কৰিবলৈ। মই চকখাই উঠিলো। চিগাৰেট? কোনে খাব? মিৰাণ্ডা হাউছৰ অনেকে চিগাৰেট খায় জানো, কিন্তু ৰূপাৰ দৰে তেনেই সাধাৰণ সাজপাৰ পিন্ধা, প্ৰসাধন নকৰা ছোৱালীজনীয়ে লাইটাৰটো ফচ্‌কৈ জ্বলাই যে চিগাৰেট হুপিব আশা কৰা নাছিলো। মই কৈয়ে পেলালো কিয় এই ধোঁৱা সোপা গিলিছা। তাই ক'লে তাইৰ দেউতাকে খায়, ককায়েকে খায় তাই কিয় নাখাব। মই হেনো তাইৰ মাকৰ দৰে কথা কওঁ। মাকৰো বৰ দুখ জীয়েকে চিগাৰেট খোৱা বাবে।

 ইতিমধ্যে ৰমাই কোঠাটো সাৰি বিছনা দুখন নিয়াৰিকৈ পাৰি আমালৈ চাহ লৈ আহিল॥ তাৰ পাছত দুয়োৰে কাপোৰ জাপি-জুপি থ’লে। সিহঁত দুটা যে সমকামী বুজিবলৈ মোৰ বাকী নাথাকিল। কিবা ঘিণ লাগি গৈছিল। সিহঁতৰ কোঠালৈ দ্বিতীয়বাৰলৈ যোৱা নাছিলো। ইয়াৰ পাছত গে’ আৰু লেছবিয়ানসকলৰ বিষয়ে কাগজে-পত্ৰে পঢ়ি জানিছিলো যে প্ৰতিখন সমাজতে এটা নিৰ্দিষ্ট হাৰত সমকামী মানুহ থাকে। প্ৰকৃতিৰে সৃষ্টি এওঁলোক, কোনো বিকৃতমনা নহয়।

 আমি ১৯৯১ চনত প্ৰথমবাৰ আমেৰিকালৈ যাওঁতে বষ্টনত আত্মীয় এঘৰত দুৰাতি আছিলো। গৃহিণী অনুৰ লগত ঘূৰি-পকি তেওঁলোকৰ সোতৰ মহলাৰ এপাৰ্টমেণ্টলৈ যাবলৈ এলিভেটৰত উঠিছিলো। কোনোবা এটা মহলাত উঠিল এজনী মেম। অনুই মোৰ লগত ৰুথ নামৰ মেমজনীক চিনাকি কৰি দিছিল। তেওঁলোকৰ ঘৰলৈ মোক এপাক লৈ যাবলৈ ৰুথে অনুক কৈছিল।

 অনুই কৈছিল ৰুথে চাকৰি নকৰে। পৰ্বত বগোৱা তেওঁৰ হবি। তাৰ বাবে তেওঁ [ ২২৩ ] পুৰস্কাৰ আদিও পাইছে। ৰুথৰ লগত অনুৰ প্ৰথম চিনাকি কৰিড’ৰত। লাহে লাহে অন্তৰংগতা। মাজে মাজে দুয়োগৰাকী মহিলাই অৱসৰৰ সময়ত ইজনীয়ে সিজনীৰ ঘৰলৈ আড্ডা মাৰিবলৈ যায়। ৰুথৰ বান্ধৱী লিয়েনেও পর্বত বগায়। লিয়েন চাকৰিয়াল। এদিন ৰুথৰ ফটোৰ এলবামত দুয়োগৰাকী বান্ধৱীৰ ফটো এখন চকুত পৰিছিল অনুৰ। উৎসৱমুখৰ পৰিবেশ। অনুই ভাবিছিল পুৰস্কাৰ পোৱাৰ আনন্দত তোলা ছবি। পিছে নহয়। সেইখন আছিল সিহঁতৰ বিয়াৰ ফটো। অনু হতবাক। ৰুথ আৰু লিয়েন দুয়ো ছোৱালী, সিহঁতৰ আকৌ বিয়া কিহৰ? লুকাই-চুৰ কৰি কৰা বিয়া নহয়। ৰেজিষ্ট্রি কৰি পতা বিয়া।

 অনুৰ কথা শুনি মোৰ গুৱাহাটী আৰু দিল্লীৰ লেছবিয়ান যোৰা দুটালৈ মনত পৰিছিল। সিহঁতে নিশ্চয় ৰুথ-লিয়েনৰ দৰে বিয়া পাতিব পৰা নাই।

 যোৱা শতিকাৰ নব্বৈৰ দশকতে আমেৰিকাত সমকামী বিয়া আইনতঃ সিদ্ধ আছিল। শুনি ভাবিছিলো কি অদ্ভুত দেশ এইখন। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে আন্দোলনো কৰিছিল। মার্কিন প্ৰতিৰক্ষা বিভাগত তেওঁলোকে এসময়ত চাকৰি পোৱা নাছিল। প্ৰতিৰক্ষা বিভাগত সমকামী সৈনিকক পালে বৰ্খাস্ত কৰা হৈছিল। বিল ক্লিনটন ৰাষ্ট্ৰপতি হৈ থকা সময়ত এই নিষেধাজ্ঞা উঠাই দিয়া হৈছে।

 সেই সময়তে এগৰাকী জার্মান মহিলাৰ কথা পঢ়িছিলো আলোচনী এখনত। তেওঁ টিভিত কাম কৰে, নাম হেলনা ভন ছিলেন। তেওঁৰ সমকামী বান্ধৱী কর্নেলিয়া স্কীল ভূতপূর্ব জার্মান ৰাষ্ট্ৰপতি ৱাল্টাৰ স্কীলৰ জীয়ৰী। এওঁলোকে বিবাহপাশত আবদ্ধ হ’বলৈ আবেদন কৰিছিল, কিন্তু জার্মান কোর্টে অনুমতি দিয়া নাই৷ আজিকালি বহুদেশত সমকামী বিবাহ বৈধ।

 যিমানে বৈধ নহওক, হয়তো মোৰ পুৰণিকলীয়া মনে এনে বিবাহক স্বাভাৱিক বুলি মানি ল’ব পৰা নাই।