সমললৈ যাওক

পৃষ্ঠা:অনিমা গুহ.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মধুমিতাক নাপাই হেনো আদিত্যক বিচাৰি বম্বে মহানগৰী চলাথ কৰিছিল। আদিত্যয়ো হোটেলৰ কোঠাত মধুমিতাক নেদেখি বোধকৰো পিছফালৰ চিৰিটোৰে পলাই অন্তৰ্ধান হৈ গৈছিল।

 মোৰ এই দীঘলীয়া জীৱনটোত বহু অভিজ্ঞতা হ’ল। মধুমিতাৰ ঘটনাটোৰ দৰে অকল্পনীয় কাহিনীও যে শুনিব লাগিব ই আছিল কল্পনাৰ সীমাৰ বাহিৰত। পৃথিৱীখন যে বিস্ময়ৰে ভৰা।


অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক

 এসময়ত ভাবিছিলো সমকামিতা এটা অস্বাভাৱিক লাজ লগা সম্পৰ্ক। সৰুৰে পৰা জানো, বিয়াবোৰ হয় এজন ল'ৰাৰ লগত এজনী ছোৱালীৰ। এতিয়া শুনো এহাল দম্পতীৰ দুয়োজনে পুৰুষ বা দুয়োজনে মহিলা হ’ব পাৰে। এনেধৰণৰ আমাৰ দৃষ্টিত অস্বাভাৱিক সম্পৰ্কক অনেক দেশে বৈধ বুলি মানি লৈছে। পৃথিৱীত ঘটা অসংখ্য ঘটনাক মানি লৈছো যেতিয়া আচহুৱা যেন লাগিলেও সমকামী বিবাহক আজি আৰু আচহুৱা বুলি নাভাবো।

 আমি পুনেত থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণাৰ কামত আহিছিল লিলিয়ানা স্তিয়াকোভিচ নামৰ ছোৱালী এজনী। প্ৰথম ভাৰতলৈ আহি তেওঁ ঠাইখনৰ ৰেহ-ৰূহ চাই ফুৰিছিল আৰু মানুহৰ লগত চিনাকি হৈছিল। আমাৰ পৰিয়ালটোৰ লগত এটা সময়ত তেওঁৰ ঘনিষ্ঠতা হোৱাৰ পাছত এদিন তেওঁ মোক কণ্ঠস্বৰ তললৈ নমাই প্ৰশ্ন এটা কৰিছিল— ‘তোমালোকৰ ইয়াত সমকামীৰ সংখ্যা ইমান বেছি কিয় বাৰু? ভাৰতৰ আন ঠাইতো এনেকুৱাই নেকি? আমাৰ সিফালে দুটা-এটা যোৰাহে সমকামী।’

 লিলিয়ানাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱৰা অৱস্থা মোৰ। তাই ক’ত দেখিলে ইমান সমকামী! সুধিছিলো। ইয়াত হেনো ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই বন্ধুত্ব বেছি। বাটে-পথে দেখে ছোৱালীয়ে ছোৱালীয়ে বা ল’ৰাই ল’ৰাই একেলগে ফুৰা! মোৰ যে তাইৰ কথাত হাঁহি উঠিছিল!পাগলিজনীক বুজাই ক’লো যে আমাৰ সংস্কৃতিত ল'ৰা-ছোৱালীয়ে হলি-গলি কৰা নিয়ম নাই। গতিকে সিহঁত সমকামী নহয়। তাই আচৰিত হ'ল মোৰ কথা শুনি।

 ‘কি অদ্ভুত দেশহে তোমালোকৰ। ল’ৰাই ল’ৰাই, ছোৱালীয়ে ছোৱালীয়ে বন্ধুত্ব অথচ সমকামী নহয়। ঘৰলৈ উভতি গৈ মানুহক ক’ব লাগিব।’

বাকীছোৱা জীৱন / ২২১