আইতাৰ মৃত্যুত (কামাখ্যা)
অৱয়ব
কোন অজানাৰ আজি কোমল ইঙ্গিত পাই
সপোনৰ মায়াজাল পলাল আঁতৰি,
ইমান ধুনীয়া এই ধৰণীৰ ধূলি খেলা
নিমিষতে গলা এৰি তেনেই পাহৰি ।
অজানে বজালে বাঁহী বুকুৰ মৰম সানি
সৃষ্টিৰ বুকুত তুলি সপোনৰ সুৰ,
সেইদিন আহিছিলা মোহলগা ধৰণীৰ
বিচাৰি চেনেহ কণা আপোন বুকুৰ ।
আহিছিলা অজানেদি সপোনৰ সুধা সানি
মৰতৰ মৰমেৰে সপোন সুৱদি,
জীৱনৰ পাতে পাতে মৰণৰ মালা ল'ই
হিয়াতে গোপনে পুজি অসীম অনাদি
মৰতৰ মানুহৰ বুকুৰ মৰম ল'ই
চেনেহৰ চকুলোৰে গঁঠা ফুলহাৰ,
ইমান আপোন বোলা ধৰণীখনিত আজি
অৰ্থহীন হ'ই গ'ল জীৱন নিশাৰ ।।