প্ৰণতি প্ৰণতি প্ৰণতি নৱ জনজীৱনৰ
প্ৰণতি প্ৰণতি প্ৰণতি
নৱ জনজীৱনৰ
অভিনৱ জ্যোতি
প্ৰণতি প্ৰণতি প্ৰণতি৷
আজি সুৰে সুৰে জাগ
জনতাৰ আশা
কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী দলিতৰ
দুৰ্ম্মদ ভাষা৷
ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ
ফুলি উঠ*
ফুলি উঠ*
সাম্য সংস্কৃতিৰ*
বিশ্বউজলা অৰবিন্দ৷*
নতুনৰ জুই জ্বল দীপান্বিতা পাতি
মনে মনে প্ৰাণে প্ৰাণে
পূৰ্ণিমাৰ জোনাকৰে
বিকশি, প্ৰকাশি উঠে জনপ্ৰগতি৷
শিল্পীৰ প্ৰতিভাৰে, নতুন ৰঙেৰে আঁক
নৱতম পৃথিৱীৰ ছবি
কবিয়ে গানে গানে নতুন ভৱিস্যৰ
আধাবুজা কথাটি কৰি৷
তৰুণ তৰুণী যত জ্যোতি পূজাৰী
আন্ধাৰক জিনিবলে’
জনতাৰ সমৰৰ
প্ৰথম ৰণুৱা দল হৈ
লৈ ব’ল জনতাক
পোহৰলৈ
পোহৰলৈ
পোহৰলৈ ৷৷
·
* পাঠান্তৰ: ফুলি উঠা
- ফুলি উঠা
- জনতাৰ সংস্কৃতিৰ
- নৱ অৰবিন্দ