“আকাৰত সৰু হ'লেও পুথিখনিত বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ব সম্বন্ধে বহুত সত্য আৰু জানিবলগীয়া তত্ত্ব সম্নিবিষ্ট হৈছে। লেখকে অলপ কথাতে পুথিখনিত অসমৰ বৈষ্ণৱ ধৰ্মৰ এটা বুৰঞ্জীমুলক পৰি- স্থিতি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে, আৰু সেই চেষ্টাত তেওঁ বহুত পৰিমাণে কৃতকাৰ্য্য হৈছে। মূল তত্ত্বৰ আলোচনা অতি সংক্ষেপ হ'লেও, পুথিখন মূল্যবান হৈছে।
এই ক্ষুদ্ৰ পুথিখনিয়ে বহুতৰ মনৰ পৰা বহুত ভুল ধাৰণা আঁতৰাব বুলি আমাৰ দৃঢ় বিশ্বাস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোক মাত্ৰই ইয়াক এবাৰ পঢ়ি চোৱা উচিত। তেওঁলোক তাৰ পৰা লাভৱান হ’ব আৰু তেওঁলোকৰ মনত কিবা সন্দেহ থাকিলে সিও আঁতৰিব। আমি বিশেষকৈ গোসাঁই মহন্তসকলক এই পুথিখনি এবাৰ পঢ়ি চাবলৈ অনুৰোধ কৰোঁ; তেওঁলোকেই বৈষ্ণৱ ধৰ্মৰ ধৰণী : বিশেষকৈ “বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ব” সম্বন্ধে লিখা কথাখিনি পঢ়ি চোৱা একান্ত উচিত৷ তাত তেওঁলোকে বহুত সৰুৱা আৰু জানিবলগীয়া কথা পাব।•••শেষত কওঁ (ডিম্বেশ্বৰ নেওগৰ) এই ক্ষুদ্ৰ পুথিখনি সকলোৰে আদৰৰ যোগ্য।” —শ্ৰীকালিৰাম মেধি, এম্ এ, “জয়ন্তী’’ ১ পুহ ১৮৬৩ শক।
“আধুনিক তত্ত্বালোচনামূলক...সূচেতন শৈলী-সেৱী—ডিম্বেশ্বৰ নেওগ৷...... ডিম্বেশ্বৰ নেওগৰ “বৈষ্ণৱ ধৰ্মৰ “আঁতিগুৰি’’ (১৯৪০), “বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ” (১৯৪৩), [ “বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব” (১৯৪৪)] আৰু “প্ৰাক-ঐতিহাসিক অসম”ৰ (১৯৪৯) নাম এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি। •••ডিম্বেশ্বৰ নেওগে “মিলন’’ৰ (১৯২৩) কালতে আৰম্ভ কৰি অসমীয়া সাহিত্যৰ তাত্ত্বিক অধ্যয়নত লাগি আছে।”
—অসমীয়া সাহিত্যৰ ৰূপৰেখা।
“নেওগ একাধাৰে কবি আৰু নিৰ্ভীক সমালোচক। ...অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাৰূপে নেওগ প্ৰসিদ্ধ। সাহিত্যৰ বুৰঞ্জী বিষয়ত নেওগ অগ্ৰগণী আৰু পথ-প্ৰদৰ্শক, সেই বিষয়ে সন্দেহৰ থল নাই৷.......
-অসমীয়া সাহিত্যৰ ইতিবৃত্ত।