পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
যুগনায়ক শঙ্কৰদেৱ

“নোহো জানা আমি চাৰি জাতি,  চাৰিও আশ্ৰমী নোহো আতি।
  নোহো ধৰ্মশীল দান-ব্ৰত-তীৰ্থ-গামী।
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ   গোপা-ভৰ্তা পদ-কমলৰ,
  দাসৰো দাসৰ তান দাস ভৈলোঁ আমি।”
‘সৰ্বধৰ্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ॥”

“কৃষ্ণ নিগতি সব্যসাচি,   পৰমাৰ্থ তত্ত্ব লৈয়ো বাচি,
  সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত।
মোতে মাত্ৰ সদা দিয়া চিত্ত   গায়ো মোৰ গুণ-নাম-গীত,
  সকল শাস্ত্ৰৰ কহিলোঁ সাৰ সাক্ষাত।” ৬১৬।
“মোতে মাত্ৰ সদা দিয়া মন   মোৰ ভক্ত হোৱা সৰ্বক্ষণ,
  মোকে পূজা মাত্ৰ, মোকে কৰাঁ নমস্কাৰ।
কহিলোঁ তোমাত সত্য বাণী   পাইবা সুখে মোক মহামানী,
  তুমি প্ৰিয়তম সুহৃদ সখি আমাৰ।” ৬০৯।

 যীশুৰ দৰেই মহম্মদে ‘পৰকাল’ আৰু ‘শেষ বিচাৰৰ দিন’ৰ কথা কৈছে; কিন্তু আচৰিতভাৱে, বুদ্ধৰ দৰেই মহম্মদেও এই জন্মতে মুক্তি বা পাপ-পুণ্যৰ ভোগ আৰম্ভ হোৱাৰ স্পষ্ট ইঙ্গিত দিছে। কোৰাণত “পৰকাল” মানে পৰ জন্ম (মৃত্যুৰ পাছত) নুবুজাবও পাৰে। এই জন্মতে পাপ-পূণ্য ভোগেৰে সেই নতুন জীৱন আৰম্ভ হব পাৰে, যদিও সংসাৰৰ ধূলি-মাকতিৰ চামনিয়ে বহুতৰ সেই দৃষ্টি অনুভৱ ঢাকি ৰাখিব পাৰে। “নিশ্চয় তুমি আগতে ইয়ালৈ কাণ-সাৰ কৰা নাছিলাঁ; পাছে এতিয়া আমি তোমাৰ চকুৰ চামনি গুচাই দিছোঁ, সেইদেখি আজি তোমাৰ দৃষ্টি তীক্ষ্ন।” (৫০৷২২)। নহয়; কিবা উপায়েৰে তুমি জানিব পৰা হলে নৰকখন অৱশ্যে দেখিলাঁহেতেন।” (৮৯৷২৭-৩০)। “নৰকৰ জুই ঈশ্বৰে জ্বলাই দিয়ে আৰু মানুহৰ বুকুৰ ওপৰতে উঠে।” (১০৪৷৬৭)। পৰজন্ম যে এই জন্মৰে ক্ৰমশঃ, কোৰাণৰ আৰু বহুত