সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
যুগনায়ক শঙ্কৰদেৱ

 বুদ্ধদেৱে মূল বেদান্তৰ এই “আত্মাবাদ’’ৰ পৰা এখোজ আগবাঢ়ি আহি প্ৰতিষ্ঠা কৰিলে “অনাত্মাবাদ”,-“সৰ্বমনিত্যম্ সৰ্বমনাত্মম্।” এই প্ৰভেদ বিচাৰ কৰাৰ আগতে থিৰ কৰিবলগা কথা হ’ল ব্ৰহ্ম (আত্মা) প্ৰাণ নে প্ৰজ্ঞা। বৃহদাৰণ্যক উপনিষদত (২।৯১৯) তাক প্ৰাণ, আৰু সেয়ে ব্ৰহ্ম, বোলা হৈছে; ঐতৰেয় উপনিষদত (৩।৩) আকৌ তাক প্ৰজ্ঞা বা প্ৰজ্ঞান, আৰু সেয়ে ব্ৰহ্ম, বোলা হৈছে। ইয়াৰ এটাক মত, আৰু ইটোক অমত বুলিলে কৌষীতকি উপনিষদত (৩ ৩) তাৰ সম্মত পোৱা হয়:

যো বৈ প্ৰাণাঃ সা প্ৰজ্ঞা, যা বা প্ৰজ্ঞা স প্ৰাণাঃ।
সহ হ্যেতাৱস্মিন্ ছাৰীৰে বসতঃ সহোৎক্ৰামতঃ॥”

 ‘যি প্ৰাণ সেয়ে প্ৰজ্ঞা, যি প্ৰজ্ঞা সেয়ে প্ৰাণ; জীৱিত দেহত দুয়ো একেলগে থাকি একেলগে ওলাই যায়।’ এয়ে মুণ্ডকোপনিষদৰ কবিত্বপূৰ্ণ উপমাৰ গুৰি—'একে জুপি গছত দুটি পখী থাকে, নলে- গলে লগা (অবিচ্ছেদ্য) সম্বন্ধ; এটিয়ে তাৰ সোৱাদ ফল খায়, ইটিয়ে নাখাই চাই থাকে।’ মূল বেদান্তৰ মতে প্ৰত্যেক শৰীৰীত থকা এই প্ৰাণ আৰু প্ৰজ্ঞা পৰমাত্মাৰ পৰাই আহে, আৰু বেলিৰ পোহৰ বেলিৰ পৰা ওলাই আকৌ বেলিতে মিলি যোৱাৰ দৰে, ঘূৰি পৰমাত্মাতে লীন যায়।

 মূল বেদান্তৰ এই এক পৰমাত্মাৰ পৰাই সমগ্ৰ জীৱাত্মা ওলোৱা আৰু ঘূৰি তাতে সকলো লীন হোৱা কথা সাংখ্য দৰ্শনে মানি নলৈ পুৰুষ-প্ৰকৃতি মিলনৰ পৰা বহু-আত্মাৰ উদ্ভৱ হোৱা বুলিছে। কিন্তু সাংখ্যৰ এই প্ৰকৃতি-পুৰুষৰ কোনো মিল নাই; তাত প্ৰকৃতিয়েই সকলো, আৰু পুৰুষ, গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ ঈশ্বৰৰ দৰে, অকামিলা ৰজা : তেওঁ ৰাজত্ব কৰে, কিন্তু শাসন নকৰে। জৈন ধৰ্ময়ো সাংখ্যৰ বহ্বাত্মা মানে, কিন্তু পুৰুষৰ নিষ্ক্ৰিয়তা নামানে; তেওঁলোকৰ মতে পুৰুষেই প্ৰকৃতিৰ কাৰ্য্যৰ বাবে জগৰীয়া। এৰিষ্টটলৰ এক প্লেটো, আৰু প্লেটোৰ গুৰু ছক্ৰেটিছ; ছক্ৰেটিছৰ দৰেই প্লেটোই এক সত্য বস্তু