পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম

কালো বসতি ভূতানি সব্বান্’ এৱ সহত্তনা।
যো চ কালঘসো ভূতো স ভূতো স ভূতপচনিং পচতি॥”

( কালে যদি সকলো গ্ৰাস কৰে, নিজকো শুদাই নেৰে, তেন্তে মানুহে সৰ্বগ্ৰাসী কালকো গ্ৰাস কৰিব পাৰে)। বাল্মীকি ৰামায়ণত মহাভাৰতৰ শান্তিপৰ্বতকৈ অলপ সুকীয়াকৈ এই কথা আছে—

“কালঃ পচতি ভূতানি সৰ্বাণ্যেৱাত্মানাত্মানি।
যস্মিন্ তু পচ্যতে কাল তং ৱেদেহ ন কশ্চন।”

বুদ্ধদেৱে কোৱা “সাঞ্জানামি” ( ভালদৰে জানো) “অভিজানামি” ( অধিকভাৱে জানো) কথাষাৰ অৰ্থপূৰ্ণ। উপনিষদৰ সদৌ দৰ্শন আত্মা বিষয়ক, এইবাবে ইয়াক এক অৰ্থত আত্মকেন্দ্ৰিক বোলা হয়; ‘তৎ অহমস্মি’, ‘তস্মাৎ অহমস্মি’, ‘তস্য অহমস্মি’, ‘তম্মিন অহমস্মি’ ইত্যাদি : নিজ আত্মাৰ লগত সকলোৰে আত্মাৰ ঐক্য-স্থাপনেই ইয়াৰ লক্ষ্য বুলিব পৰি। বুদ্ধদেৱে তাকে আন প্ৰকাৰে কৈছে,— “অথ থি মে অত্তা, নঅথ্ থি মে অত্তা, অত্তনা ব অত্তানম সঞ্জানামি, অত্তনা ব অনত্তানম্ সঞ্জানামি, অনত্তনা ব অত্তানম্ সঞ্জানামি।” “মোৰ আত্মা আছে, মোৰ আত্মা নাই; আত্মাৰে আত্মাক ভালদৰে জানো; আত্মাৰে অনাত্মাক ভালদৰে জানো; অনাত্মাৰে আত্মাক ভালদৰে জানো।” ই প্ৰাণী-বিবেক তত্ত্বৰ স্বতঃসিদ্ধ; উভয় ফালৰ বিচাৰৰ পৰা এই সিদ্ধান্ত উপনীত হোৱা হয় যে আমাৰ ভিতৰৰ আত্মাই প্ৰকৃত আত্মা আৰু এই অপৰিবৰ্তনীয় আত্মাকে কেন্দ্ৰ কৰিয়ে জগতৰ যাবতীয় পৰিবৰ্তন ঘটিব লাগিছে। যাজ্ঞবল্ক্যই কৈছে, “ন বা অৰে সৰ্বস্য কামায় সৰ্বম প্ৰিয়ং ভৱতি, আত্মনস্ তু কামায় সৰ্বম্ প্ৰিয়ং ভৱতি; আত্মা ব অৰে দ্ৰষ্টব্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিদিধ্যসিতৱ্যঃ।” (বৃহদাৰণ্যক ৪৷৫৷৬)। কোনো বা একো প্ৰিয় নহয়, যদি আত্মা প্ৰিয় নহয়; সদৌ প্ৰিয়, কিয়নো আত্মা নিজৰ বাবে প্ৰিয়। এতেকে দেখিবলগীয়া, শুনিবলগীয়া, মন কৰিবলগীয়া, ধ্যান কৰিবলগীয়া (বস্তু) আত্মাই।