সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৩
মহাপুৰুষীয়া ধৰ্মত অমৃতৰ সন্ধান

বোৰৰ ভিতৰত বৈদান্তিক ৰহস্যবাদ অতি পুৰণি; তাৰ পাছত আহিল বৌদ্ধ ৰহস্যবাদ, খৃষ্টান ৰহস্যবাদ, ছুফি ৰহস্যবাদ আদি। যি পৱিত্ৰ, নিভৃত জ্যোতিয়ে মানৱ আত্মাক বাহিৰে-ভিতৰে জিনি আছে, তাৰ লগত বাহ্যিক সংস্কাৰ-বিহীন আড়ম্বৰ-বৰ্জিত আশাশুধীয়া পোনপটীয়া সংযোগ বা মিলনেই সদৌ ৰহস্যবাদৰ উদ্দেশ্য।

 ৰহস্যবাদ মানুহ জাতিৰ জন্মস্বত্ব। দেশ নাই, বিদেশ নাই; যুগ নাই, অযুগ নাই; জাতি নাই, অজাতি নাই; ধৰ্ম নাই, বিধৰ্ম নাই; ৰহস্যবাদীসৱে সদৌকে আকোৱালি সাবতি লবলৈ বিচাৰে। ৰহস্যবাদী সকল বিশ্ববাসী, বিশ্বব্যাপী, বিশ্বপ্ৰেমিক; তেওঁলোকৰ ভাষা উপমা আদি আচৰিতভাৱে গোপন অথচ বিশ্বজনীন, সাঙ্কেতিক অথচ আত্মপ্ৰকাশক। তেওঁলোকে কাকো নিঘিণায়, আটাইকে আদৰে; স্বৰ্গৰ আশা আৰু নৰকৰ ভয় দুইকো সমানে ভৰিৰে ঠেলে; ধন-দৌলৎ মান-যশ সমানে নেওচা দিয়ে।

 ‘সত্য বোলা যে এক ভুবন-মোহিনী অনন্ত সুন্দৰী গূঢ় ৰহস্যৰ ওৰণি-লৱতী আছে, তেওঁৰ প্ৰেমত মজিয়েই ৰহস্যবাদীসকলে গোপন জীৱন যাপন কৰে। তেওঁক তিৰুতা বোলা, বা পুৰুষ বোলা, বা উপনিষদৰ ভাষাৰে “তৎ” (ক্লীলিঙ্গ) বোলা, বা একো নোবোলা, তাত কথা নাই; কেৱল তেওঁক পাবাঁ, তেওঁৰ প্ৰেমত মজিবাঁ, ইয়াকেই তেওঁলোেক বিচাৰে। জাৰ্মান কবি গেটেই কবৰ দৰে, নাম কেৱল হাই-উৰুমি; সি তেওঁৰ মধুৰ কণ্ঠস্বৰক তল পেলায়। নাম অকল ধোঁৱাৰে ধুঁৱলি-কুঁৱলী, সেই দিব্য জেউতি সি ঢাকি ধৰে। (ফষ্ট)

 ৰহস্যবাদ কোনো মানসিক প্ৰচেষ্টা নহয়, ই এবিধ জীৱন যাপন। ইয়াত চিন্তা-তৰ্ক নাই, আছে অনুভৱ; ধৰ্মান্তৰকৰণ নাই, আছে সঙ্গ-ভুক্তি। কোনোবাই যদি তেওঁলোকৰ সঙ্গী হব খোজাঁ, আন একো নালাগে; মানসিক দ্বন্দ্ব আৰু গতানুগতিকতা এৰি থৈ ৰহস্যবাদৰ দুৱাৰ মুখত ঠিয় হোৱাঁ, আপোনা-আপুনি সেই দুৱাৰ মুকলি হব।