পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাঁচ

আৰ্য্য ধৰ্মত দ্ৰাবিড়ী প্ৰভাৱ

ঋক্‌ বেদৰ শ্ৰেণীভুক্ত কিন্তু জাত-হীন সমাজৰ পৰা যজুৰ্ব্বদৰ সম্পূৰ্ণ জাত-ভুক্ত সমাজৰ বিৱৰ্তনৰ ঘাই কাৰণ হল পঞ্জাবৰ পৰা ক্ৰমে মধ্য দেশৰ ফালে আৰ্য্যবিলাকৰ ঠাই-সলনি আৰু নৱাগত লোকৰ সমাজ- ভূক্তি। পৰবৰ্তী কালত ঘনাই ব্যৱহাৰ কৰা ‘ব্ৰহ্মণ’ শব্দৰ বিপৰীতে ঋক্‌ সংহিতাৰ যুগত সেই শব্দ প্ৰায় সমূলে ব্যৱহৃত নোহোৱাৰ একমাত্ৰ হেতু হ’ল সেই ব্যৱসায় তেতিয়ালৈকে বংশানুক্ৰমিক নহৈছিল। ঋক্ বেদৰ যুগৰ হুতি-মন্ত্ৰ ৰচনা আৰু দেৱ-দেৱীৰ অৰ্চ্চনা কোনো পৰিয়ালত আবদ্ধ নাছিল, আৰু স্ত্ৰী-শূদ্ৰয়ো সেই কাম কৰিছিল। আগত উদ্ধৃত কৰি দেখুওৱা শিশু-আঙ্গীৰসৰ মন্ত্ৰটি (ঋক্ ৯৷১১২) অকলেও তাৰ যথেষ্ট প্ৰমাণ। গতিকে পৰবৰ্তী বৰ্ণ- বিভাগৰ বৈশ্য-ক্ষত্ৰিয় যে কথাই নাই, ব্ৰাহ্মণৰ ভিতৰত কিমান জাতিৰ পোহ পৰিছিল, ইয়ত্তা নাই।

 কিন্তু আৰ্য্য ধৰ্মৰ মূল কাৰ্য্য় “হোম” বা অগ্নি-যজ্ঞ আৰু ঘাই দেৱ-দেৱী অগ্নি, বায়ু, বৰুণ, ইন্দ্ৰ, সূৰ্য্য, সোম, উষা আদিক খেদি আচহুৱা পূজা-পাতল, আৰু শিৱ কৃষ্ণ আদি দেৱতাই প্ৰাধান্য পালে ক'ৰ পৰা আৰু কেনেকৈ? হোম-যজ্ঞ প্ৰকৃততে কোনোবা যুগতে মৰিল, কেৱল কিছুমান লোকে আকোৰগোজালিকৈ ধৰি মাজে- সময়ে তাৰ অস্তিত্বৰ সহাৰি দিবৰ যত্ন কৰে; আৰু ইন্দ্ৰ আদি প্ৰধান দেৱতাই অনেকবাৰ আচহুৱা দেৱতা কৃষ্ণৰ হাতত লাঞ্ছিত আৰু পৰাজিত, আৰু স্বয়ং সূৰ্য্যদেৱতা বিষ্ণুও নতুন কৃষ্ণ দেৱতাৰ অস্তিত্ৱত বিলীন হল!