পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
যুগনায়ক শঙ্কৰদেৱ

হোৱা সম্বৰৰ কাহিনী পোৱা হয়। আকৌ বোধায়ন ধৰ্ম-সূত্ৰত (২৷৫৷২৪) বিষ্ণুক গোবিন্দ আৰু দামোদৰ বুলিছে; অৱশ্যে হৰিবংশ, বিষ্ণু পুৰাণ ভাগৱত আদিত থকা গোপী-কৃষ্ণ উপন্যাসৰ ঐতিহাসিক সমৰ্থন ক’তো নাই।

 আমাৰ অনুমান, জৰথুস্ত্ৰ ধৰ্মৰ অখণ্ড অগ্নিৰ দৰে অসমৰ বৰপেটা সত্ৰৰ নিচিনাকৈ ৰখা অখণ্ড প্ৰদীপ, তথা দিন-ৰাতি সকলো সময়তে নামৰ থাপনাৰ আগত চাকি জ্বলোৱা প্ৰথা প্ৰভৃতি যেনেকৈ বৈদিক সংস্কৃতিৰ যাগ-যজ্ঞৰ বা অগ্নি-পূজাৰ অৱশিষ্ট , মুছলমানবিলাকে সকলো দেশতে সকলো কালতে কেবল কাবাৰ ফালে মু কৰি নামাজ পঢ়াৰ দৰে অসমৰ নাম-ধৰ্মত সদায় সকলো ঠাইতে পূবলৈ মূ কৰি থাপনা পতা আদিও বৈদিক সূৰ্য্য-উপাসনাৰ সোৱৰণ মাত্ৰ। ইয়াত বৈদান্তিকসকলে উচপ খাবৰ কাৰণ নাই; কিয়নো আজি পুৰণি- কলীয়া খেৰ-বাঁহৰ ঘৰ ভাঙি তাত কেইবা মহলীয়া পকাঘৰ সাজিলেও আমি যে সেই পৈতৃক ভেটিৰ ওপৰতে সেই ঘৰ ঠিয় কৰিছো তাক আশয় মতা অশলাগীৰ কাম হব। জৰথুস্ত্ৰ ধৰ্ম্মীবিলাকে অখণ্ড অগ্নি ৰখাৰ উপৰিও যজ্ঞ পাতে, কিন্তু কস্মিন্কালেও সেই যজ্ঞত, অগ্নিৰ নামত নালাগে ঈশ্বৰ মজ্দাৰ নামতও, আহুতি নিদিয়ে; সেই বাবে তেওঁলোকক কোনো যুক্তিৰে অগ্নিৰ উপাসক বুলিব নোৱাৰি, যেনেকৈ ঈশ্বৰ উপাসনাত খৃষ্টানবিলাকে আগত যীশুৰক্ৰছ চিন ৰাখে বুলিয়েই তেওঁলোকক ক্ৰছ উপাসক কোনোৱে নোবোলে। বৈদিক যাগ-যজ্ঞৰ ধৰ্ম কেতিয়াবাই তাৰ জুয়েই পুৰি শেষ কৰিলে, কোনো কোনোৱে গাৰ বলেৰে তাক জীয়াই আছে বুলিলেও সি হাস্যাস্পদ হব; কিন্তু যি সূৰ্য্য আৰু যি অগ্নি নহলে আমাৰ জীৱন-ধাৰণ নহয়, গতিকে যি সূৰ্য্য আৰু অগ্নি পৰম পিতাৰ শ্ৰেষ্ঠ দান, তাক কোনো ধৰ্ম-কাৰ্য্যত সেৱা নকৰি আৱশ্যক বা অনাৱশ্যক বোধেৰে থলে সেই অগ্নি বা বন্তিৰ বাবে এক শৰণত ব্যভিচাৰ হোৱা বোলা বুদ্ধি- বিপৰ্য্যয় মাত্ৰ।

⸻⸺