মাগিলে; আকৌ, গেইটে নিজে কবৰ দৰে, সেই অলায়ক ৰজাই নুবুজিলে যে তাৰ দ্বাৰা তেওঁ অসমৰ ভবিষ্যত বুৰঞ্জীৰ গতি একেবাৰে উলটাই দিব খুজিছে। এয়ে অসমৰ লগত ইংৰাজৰ প্ৰথম সম্বন্ধ সূত্ৰ; ১৭৯২ সেপ্তেম্বৰত প্ৰত্যেক ফৌজত ৬০ জনকৈ ছয় ফৌজ ছিপাহী কেপ্তেইন্ ৱেল্ছৰ নেতৃত্বত ৰজাৰ সহায়ৰ বাবে আহে। ১৭৯৪ত সেই সৈন্যবাহিনীয়ে মায়ামৰা বাহিনীক পৰাস্ত কৰে, আৰু সেই বছৰৰে ১৯ দিশেম্বৰত গৌৰীনাথ ঢুকায়। অসমৰ এই গৃহ- যুদ্ধত মায়ামৰাৰ ফালৰ আঠ নৱ লাখ আৰু ৰজাৰ ফালৰ দুই-তিনি লাখ মুঠ বাৰ লাখ মান মানুহৰ মৃত্যু ঘটি অসমৰ লোকসংখ্যা ৪০ লাখৰ পৰা ২৮ লাখলৈ নামে।
চিদানন্দৰ অনিৰুদ্ধ চৰিতৰ পৰা বুৰঞ্জীৰ এই ঘটনাবিলাকৰ অধিক স্বৰূপ বিৱৰণ আৰু মায়ামৰা সম্প্ৰদায়ৰ সত্যনিষ্ঠা আৰু ধৰ্মনিষ্ঠাৰ আপুৰুগীয়া চানেকি দেখিবলৈ পোৱা হয়। বুৰঞ্জীসম্মত তাৰ প্ৰথম ঘটনাটিৰ জীৱন্ত বৰ্ণনাই নিজ ধৰ্ম-নিষ্ঠাৰ ৰখাৰ বাবে প্ৰাণ উছৰ্গা কৰা উদাহৰণৰূপে জগতৰ বুৰঞ্জীত চিৰকাল জিলিকি থাকিব সন্দেহ নাই।–
“চুচেংফা নৃপতিৰ ৰাজত্ব কালত।
মায়ামৰা সত্ৰৰ আছিল চাৰি পাত্ৰ॥ ২৮০।
সিসৱাৰ নাম কহোঁ শুনা ভিন্ন ভিন্ন।
লাকো বৰপাত্ৰ আৰু নেওগ ফুকন॥
সোলা গুইমেলা যে আৱৰ একজন।
ৰাজাৰ সভাত বসি থাকে সৰ্ব্বক্ষণ॥ ২৮১।
সিবেলাত সিটো সত্ৰে কৃষ্ণদেৱ স্থিত।
আদ্যমূৰ্তি সুত বহুগুণে অলঙ্কৃত।
তেৰাৰ সেৱক চাৰিজন শুদ্ধাশয়।
ৰজাৰ সভাত থাকি বিচাৰ কৰয়॥ ২৮২।
সিসকলে নৃপতিক নকৰে বন্দন।
চাৰিকো চাৰিয়ে মাথা দমাই কৰে মান॥