তাৰ ফলত মায়ামৰা তৃতীয় তথা শেষ বিদ্ৰোহ আৰম্ভ হল। অত্যন্ত পূবত বদৰ গাঁওবুঢ়াৰ নেতৃত্বত বিদ্ৰোহ আৰম্ভিল; সেইটো সফল নোহোৱাত ১৭৮৬ৰ আগভাগত. উত্তৰ পাৰে আন এটা অভিযান তৰিলে। উপায় নাপাই ৰজাই লুকি, ৰাণি, বেলতলা আদিৰ তলতীয়া ৰজাৰ কাষত সহায়ৰ বাবে হাত পাতিলে। নাপালে; পোৱা হলেও তেওঁলোকৰ সহায়ত ৰজা ৰক্ষা নপৰিলেহেতেন। গৌৰীনাথে আকৌ মণিপুৰী, কছাৰী, জয়ন্তীয়া জাবোৰৰ সহায় মাগিলে; কিন্তু ইয়াৰ ভিতৰতে বিদ্ৰোহীবিলাকে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এনেদৰে হেচা দিলে যে ৰজাৰ পক্ষৰ সৈন্য প্ৰত্যেক ঠাইতে হাৰিবলৈ ধৰিলে। বিদ্ৰোহী বিলাকে পুনৰ গড়গাওঁ ৰাজধানী অধিকাৰ কৰিলে, আৰু গৌৰীনাথ গুৱাহাটীলৈ পলাই পত্ৰং দিলে। ইমানৰ সত্বেও বুঢ়াগোহাঁয়ে ১৭৮৯ ফেব্ৰুৱাৰীত নামদাঙত ৰজাৰ পক্ষে ফেৰ পাতিছিল, আৰু ১৭৯০ এপ্ৰিলত যোৰহাটত ৰজাৰ সৈন্যই এটা গড় বান্ধিছিল।
মানুহৰ দুখ-দুৰ্গতি দেখি পানীত হাঁহ নচৰা হৈছিল, আৰু আকালত কল্মলাই মানুহে খাদ্য-অখাদ্য একো বিচাৰ নকৰি পেটৰ জুই নুমুৱাবৰ যত্ন কৰিছিল। সদিয়া, মাজুলি আৰু উত্তৰ পাৰত বহুত সৰু-সুৰা ৰজা হ’ল, মৰাণবোৰে সৰ্বানন্দক ৰজা পাতিব খুজিলে আৰু মায়ামৰা সৰ্বসাধাৰণে ভৰত সিংহ নামৰ ডেকা গোসাঁই এজনক ৰংপুৰৰ (শিৱসাগৰৰ) ৰাজপাটত বহুৱালে। ১৭৯২ৰ পৰা ১৭৯৭ লৈকে এওঁলোকৰ ইজনৰ বা সিজনৰ নামে মৰোৱা মোহৰ পোৱা হয়। এইদৰে আকৌ ছয় বছৰ কাল মায়ামৰা ৰজাৰ ৰাজত্ব চলিল; গৌৰীনাথ সিংহই মাজ অসম আৰু নামনি অসমত পলাই ফুৰি কাল কটাবলৈ ধৰিলে। গৌৰীনাথৰ নিযুক্ত দৰঙী ৰজা কৃষ্ণনাৰায়ণক খেদাই বিষ্ণুনাৰায়ণে উত্তৰ গুৱাহাটীলৈকে অধিকাৰ কৰিলে। গৌৰী- নাথে উপায় নাপাই ভাটিৰ ৰংপুৰৰ ইংৰাজ শাসকৰ যোগে তেতিয়াৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল্ কৰ্ণৱালিছলৈ (১৭৮৬-৯৩ খৃঃ) সহায় ভিক্ষা