পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ছয়চল্লিশ

মহাপুৰুষীয়া ধৰ্ম আৰু মায়ামৰা আন্দোলন

“চন্দ্ৰ বেদ ঘোৰা বাণ  শকে জন্ম ভৈলা তান
  পঞ্চদশ দিনে বৈশাগত।
শুকুলা নৱমী তিথি   সৰ্ব শুভগ্ৰহ দৃষ্টি
  গুৰুবাৰে ভৈলন্ত বেকত॥” ৫৬।

“চন্দ্ৰবাণ বেদ বসু শকে সোমবাৰ।
শুক্লা দশমী তিথি পৌষ যে মাসr॥
একাদশ দিনে জানা যেৱে আসি ভৈল।
সেহি দিন গুৰু নৰ-নাটক এৰিল॥” ১৮১।

 ১৪৭৫ শকৰ (১৫৫৩ খৃ) ১৫ বহাগত মায়ামৰা সম্প্ৰদায়ৰ পিতা অনিৰুদ্ধৰ জন্ম। ১৭৬৯ খৃঃr অক্টবৰত প্ৰথম মায়ামৰা বিদ্ৰোহৰ সূত্ৰপাত হয়। ১৪৪৯ খৃঃত শঙ্কৰদেৱৰ জন্ম, আৰু মায়ামৰা সম্প্ৰদায় মহাপুৰুষীয়া ধৰ্মৰ এটা শাখাৰ পৰাই গজিছিল। তেন্তে শঙ্কৰদেৱৰ পৰা প্ৰায় তিনিশ আৰু অনিৰুদ্ধৰ পৰা প্ৰায় দুশ বছৰৰ পাছত ধৰ্ম-সম্পৰ্কীয় মূল হেতু লৈয়ে এই আন্দোলন গৰ্জি উঠিবৰ সূত্ৰ কেনে হব পাৰে ভাবি চাবলগীয়া।

 পণ্ডিত ৰজা নৰনাৰায়ণ আৰু তেওঁৰ উত্তৰাধিকাৰীহঁতে যাচি দিয়া ৰাজ-সম্মান যি শঙ্কৰদেৱ মাধৱদেৱ দুজনাই আচৰিত আদৰ্শ দেখুৱাই ভৰিৰে ঠেলিলে, তেওঁলোকৰ তিৰোভাৱৰ অলপ দিনৰ পাছতে সেই ধৰ্মৰ নাম লৈ জীবিকা আৰু সন্মান বিচৰা বিভিন্ন ধৰ্মনেতা ৰাজ-অনুগ্ৰহ বিচাৰি হাবাথুৰি খোৱা হ’ল, আৰু তেনেদৰে লালায়িত হৈয়েই তেওঁলোক মহাপুৰুষীয়া ধৰ্মৰ মহৎ আদৰ্শলৈ পিঠি দি তাৰ নীতি পৰ্য্যন্ত বলি দিবলৈ কুষ্টিত নহল। এনে সকলো