ইংলণ্ড, ফ্ৰাঞ্চ আৰু স্পেইনত এই নতুন জাতীয়তা বস্তুৱে ভাল গঢ় ললে। জাতীয়তাই গঢ় লোৱাৰ লগে লগে ৰজা-পতা নীতিয়ে খলি পুতিলে। এনেদৰে সৰহ দিন যাবলৈ নৌপাওঁতেই ৰিফৰ্মেস্যনে পাশ্চাত্য গিৰ্জাবোৰৰ ঐক্য ভাঙি দিলে। মধ্যযুগীয় সদৌ সমস্যা এই ৰিফৰ্মেস্যনৰ ভিতৰত সোমাই পৰিল, আৰু তাৰ ভিতৰৰ পৰাই আধুনিক য়ুৰ'পৰ জন্ম হল।
পুণ্যময় ৰ’ম সাম্ৰাজ্যৰ মধ্যযুগীয় ধাৰণা ঘূৰাই অনা অসম্ভৱ হৈ পৰিল। এক বিশ্বাসৰ অধীনত সমগ্ৰ খৃষ্টান জগত বান্ধ খুউৱা এতিয়া মাত্ৰ শুভ-ইচ্ছা ৰূপেই থাকিব লগা হল, তাক বাস্তৱ ৰূপ দিয়া কথা সপোনৰ নিচিনা হৈ পৰিল। সম্পূৰ্ণ কৈ নহলেও ঘাইকৈ নিজ দোষ-ত্ৰুটিৰ হেতুকে প'পৰ ক্ষমতাই য়ুৰ’পত ভালদৰে বাঘ-ঢাকা খালে; জনগণৰ ওপৰত তাৰ নৈতিক প্ৰভাৱ নোহোৱা হল। পঞ্চম নিকলাছ (১৪৪৭।৫৫) আৰু দ্বিতীয় পিয়াছৰ (১৪৫৮-৬৪ ) কালত প’পৰ বুদ্ধিজীৱী নেতৃত্বৰ পুনৰুদ্ধাৰৰ বাবে যি যত্ন কৰা হৈছিল তাক বঁজা বুলিব পাৰি। সকলো ফালে বিফল হৈ প’পৰ আধ্যাত্মিক শক্তিয়ে ৰাজনৈতিক আৰু বৈষয়িক বেশ্যা-বৃত্তি ধৰি য়ুৰ'পৰ বিবেকক চক্ খুৱালে।
যুৰ’পত ৰিফৰ্মেস্যনক জন্ম দিলে দুটি সুকীয়া আৰু অলপ অমিল শক্তি মিলনে। তাৰে এটা হ’ল নীতি আৰু আচাৰৰ সংস্কাৰৰ হেপাহ, আৰু আনটো হ'ল ৰেণেছেঞ্চ্। ৰেণেছেঞ্চ্ জন্ম হয় ইটালীত খৃষ্টীয় পঞ্চদশ শতিকাৰ আগ দশবোৰত। এই ৰেণেছেঞ্চ্ আন্দোলন বহুমুখী আছিল; সুকুমাৰ কলাত প্ৰাচীনৰ চৰ্চ্চা, সাহিত্যত প্ৰাচীন ৰীতিৰ গদ্য-পদ্যত অভিৰুচি, পাণ্ডিত্যত প্ৰাচীন গ্ৰন্থৰ আবিষ্কাৰ, দৰ্শনত প্লেটো-ছক্ৰেটিছৰ নৱ চৰ্চ্চা, প্ৰাকৃতিক ব্লিজ্ঞানত পৃথিবীৰ স্বৰূপ আৰু বিশ্বত তাৰ স্থান নিৰূপণ ইত্যাদি। কিন্তু এই সকলোৰে মূলত আছিল এক লক্ষ্য, সেয়ে হৈছে মধ্যযুগীয় মানসিক দাসত্বৰ পৰা উদ্ধাৰ।