পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬০
যুগনায়ক শঙ্কৰদেৱ

কৰাতে এই বিৰোধৰ শেষ নহৈছিল; প্ৰধান বিচাৰ-সভাই পপ আৰু সম্ৰাটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলাইছিল।

 ইয়াৰ ভিতৰতেই বিশ্ব-গিৰ্জাৰ একাধিপত্য মোহাৰি পেলাব পৰা দলটোৰ নেতৃত্ব কৰিব পৰা লোকৰ জন্ম হৈছিল। তাৰ লগে লগে পুৰণি সমাজখন ভাগি-ছিগি থান-বান হবলৈ ধৰিলে। যিবিলাক ডোলে নিজ জীৱিকা, বেহা-বেপাৰ, খেতি-বাতি, জ্ঞাতি-কুটুম, মাটিৰ গৰাকি আদিৰ লগত মানুহক বান্ধি ৰাখিছিল, সেই ডোলবোৰ আপোনা-আপুনি ডোখৰ-ডোখৰ হৈ ছিগি গল; আৰু তাৰ লগে লগে ব্যক্তি-প্ৰধান আধুনিক যুগে ভুমুকি মাৰিলে।

 এই পৰিবৰ্তনৰ সোতত আৰু কেইবাটিও ঘটনাই যোগ দিলে। ৰেণেছেঞ্চ (জ্ঞানৰ নৱজন্ম) আন্দোলনে মানুহক মধ্যযুগীয় ঠেক সীমাৰ ভিতৰৰ পৰা মোকলাই আনিলে; প্ৰাচীন জগতৰ জ্ঞানৰ ভাণ্ডাৰ তেওঁলোকৰ চকুৰ আগত মুকলি হল। পছিমত পাছত যি নতুন জগত (আমেৰিকা) আবিষ্কৃত হল, চিন্তা-জগতত আগতে তেওঁলোকে তেনে নতুন জগতত ভুমুকি মাৰিবলৈ ধৰিলে।

 অৰ্থনৈতিক বিপ্লৱৰ পৰাও তেনেকুৱা ফল ধৰিল। সদাগৰী সভাৰ পুৰণি বান্ধ-ছাট ভাগি-ছিগি যোৱাত আধুনিক প্ৰতিযোগিতা- মূলক ব্যৱসায়ৰ পাতনি হল। যেনেকৈ চিন্তাত, তেনেকৈ জীৱনত, ব্যক্তিৰ প্ৰাধান্যই নিজ স্বত্ব দাবী কৰিলে।

 প্ৰতিদ্বন্দ্বী স্বাৰ্থৰ এনে খকা-খুন্দাৰ মাজত এনেবোৰ বিপ্লৱৰ ভিতৰতে এক নতুন ঐক্য-সূত্ৰ আপোনা-আপুনি আঁত লৈ উঠিল, তাৰ নামকৰণ হ'ল জাতীয়ত্ব। পুণ্যময় ৰ'ম-সাম্ৰাজ্যৰ কল্পনাৰ দৰে ই আকৰ্ষণীয় বস্তু নহলেও স্বাৰ্থৰ ঐক্য, উমৈহতীয়া ভাষা, উমৈহতীয়া ধৰ্ম, উমৈহতীয়া আশা-ভয় সকলো লগ লাগি যি জাতীয়তাৰ জন্ম হল সি অন্ততঃ অত্যন্ত ব্যক্তি-প্ৰাধান্যক বনৰীয়া-কোবোৱা নোহোৱাকৈ ৰাখিলে, আৰু সামান্যভাৱে হলেও পুণ্যময় ৰ’ম সাম্ৰাজ্যৰ ভাঙনমুখী অৱস্থা সমাজৰ বাবে অতি ভয়াবহ হব নিদিলে।