সাতত্ৰিশ
অসমীয়া সমাজ-বোধৰ জাগৃতি
“সমাজ” বোলাতে সাম্য, সৌম্য, সমতা, সভ্যতা, সংস্কৃতি, সংহতি, সমন্বয়, প্ৰগতি সকলো ভাব তাত সোমাই থকা যেন লাগে। শঙ্ক- দেৱৰ পূৰ্বে এই দেশত এনে ঘাই গুণবোৰ থকা এখন প্ৰগতিশীল আৰু শান্তিপূৰ্ণ সমাজ থকাৰ আমি প্ৰমাণ নাপাওঁহঁক; তাৰ ঘাই কাৰণ অকল বিভিন্ন জাতি, বিভিন্ন সংস্কৃতি আৰু বিভিন্ন ধৰ্মৰ খৰ- বাগৰেই নহয়; সেই সকলোকে সামৰি সাবটি কল মাৰি ধৰিব পৰা এটা সাৰ্বজনিক সনাতন ধৰ্মই গা-দেখা নিদিয়াটোৱেই তাৰ বাই কাৰণ যেন লাগে। অনুমান কৰিব পাৰি, যুৰ’পত ৰেণেছেঞ্চ, তথা জ্ঞানৰ নৱজন্ম আৰু ভাৰতবৰ্ষত নৱ-বৈষ্ণৱ ধৰ্ম, নামেৰে বিশ্বজনীন্ তথা সৰ্বভাৰতীয় আন্দোলনৰ লগত শঙ্কৰদেৱে অসমক সংশ্লিষ্ট নকৰা হলে চাৰিওফালে জোপ লৈ অন্ধকাৰে অসমক চিৰকাললৈ গ্ৰাস কৰি থলেহেতেন।
ইয়াৰ পৰা এনে বুজিলে ভুল হব যে শঙ্কৰদেৱৰ পূৰ্বে. অসমত সংস্কৃতিৰ আৱশ্যকীয় উপাদানৰ অভাৱ আছিল বা বিশ্বজনীন্ তথা সৰ্বভাৰতীয় জাতীয় চৈতন্যৰ ভু পোৱা মনীষা সমূলি নাছিল। দেশৰ কাষৰে-পাজৰে অনেক শিলাখণ্ড পৰি থাকিলেও যেনেকৈ উপযুক্ত শিলাকটীয়া শিল্পীৰ অবিহনে নতুন ভাস্কৰ্য্য গঢ়ি মুঠে; ছেগাচোৰো- কাকৈ শুনা দুটি-এটি কুলিৰ মাতত যেনেকৈ বসন্তৰ পয়োভৰ নহয়; তেনেকৈয়ে শঙ্কৰদেৱৰ নিচিনা বহুমুখী প্ৰতিভাৰ ব্যক্তিত্বৰ অবিহনে অসমৰ সাংস্কৃতিক উপাদানবোৰে কোনো ৰূপ নাপাইছিল; আৰু যাদুকৰী শক্তিসম্পন্ন শঙ্কৰদেৱৰ দীপক সঙ্গীতৰ অবিহনে কুলি- কেতেকী আদি বিবিধ গায়কৰ গীতত অসমৰ হাবি-বন আৰু জন-