পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৭
শঙ্কৰদেৱ আৰু বুদ্ধদেৱৰ সমাজ-চিকিৎসা

তেতিয়াহে তেওঁ দ্বিতীয় খাপলৈ উঠিব যোগ্য হব। পাপ মষিমূৰ নহলে পুণ্যৰ অভ্যুদয় হব নোৱাৰে; গতিকে নাম-লওঁতাৰ সকলো পাপ দূৰ হলেহে তেওঁৰ চিত্তত পুণ্যই থানিকা লব। অন্তৰত পুণ্য প্ৰতিস্থাপিত হলে সাংসাৰিক সুখত বিৰক্ত জন্মিব আৰু সাংসাৰিক বিষয়ত বিৰক্তি জন্মিলেহে ঈশ্বৰত প্ৰেম-ভক্তি বৃদ্ধি হব। প্ৰেম- ভক্তিৰ বৃদ্ধিত বৈষ্ণৱ-জ্ঞান জন্মে আৰু এই বৈষ্ণৱ জ্ঞানৰ দ্বাৰা দুস্তৰা মায়া তীৰ্ণ হব পাৰি। “মায়া-মুগ্ধ ভৱেৎ জীৱঃ। মায়ামুক্তঃ সদাশিৱঃ॥” মায়াক তৰিব পাৰিলেই ভগৱন্তৰ লগত এক হব পাৰি।

⸻⸻


২২