সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৬
যুগনায়ক শঙ্কৰদেৱ

ধৰি এক কৰি ৰাখিছে। দামোদৰীয়া বা হৰিদেৱী সম্প্ৰদায়, কাল- পুৰুষ-ব্ৰহ্ম-নিকা সংহতিয়ে শঙ্কৰদেৱৰ পৰবৰ্তী যুগত যদিও মহা- পুৰুষীয় সম্প্ৰদায়ৰ ভিতৰত ভেদ দেখুৱালে, বাহিৰত কিন্তু এই বহুধা ৰূপে এটা হিত সাধন যে কৰিলে তাক নুই কৰিব নোৱাৰি। এই নতুন সম্প্ৰদায় আৰু সংহতিবোৰৰ বিৰোধ সামান্য সৰু-সুৰা বিষয়ত, মহাপুৰুষীয়া মূল বস্তুত কোনো ভেদ নাই; কিন্তু এই ভেদবোৰৰ বাবেই সমাজৰ নতুন যিসকল লোক মূল মহাপুৰুষীয়া মতৰ পৰাই আঁতৰি যাব পাৰিলেহেতেন সেইসকল লোকক এতিয়া সাবটি ধৰি ৰখা হৈছে। বৌদ্ধ, খৃষ্টান, মুছলমান আদি পৃথিবীৰ সদৌ ধৰ্মতে ভিতৰুৱা এনেবোৰ ভেদ আছে, আৰু নথকাটোহে অস্বাভাৱিক আৰু আশঙ্কাৰ কাৰণ হলহেতেন; এই ভেদবোৰে স্বৰূপতে ধৰ্মবোৰ জীয়াই থকাৰ আৰু এই ধৰ্মাৱলম্বী লোকসকলে বিচাৰ-বুদ্ধি আৰু কাল-ৰুচি অনুসৰি এই ধৰ্ম ধৰাৰ প্ৰমাণ দিয়ে।

 ৰাজসিক আৰু ব্যৱসায়ী বুদ্ধি সোমোৱাৰ বাবে সত্ৰবোৰৰ দায়িত্ব- ভাৰো জাতি-ভেদৰ দৰে ক্ৰমে গুণগত নহৈ বংশগত হল; কিন্তু শঙ্কৰদেৱে নিজৰ তিনিজন পুত্ৰ থকা সত্ত্বেও মাধৱদেৱকহে মহাপুৰুষীয়া ধৰ্ম-পৰিচালনাৰ দায়িত্ব দিয়া কথাই স্পষ্ট প্ৰমাণ কৰে যে শঙ্কৰদেৱে এনে সত্ৰ-পদ্ধতিৰ কথা কস্মিনকালেও ভবা নাছিল। তদুপৰি মহাপুৰুষীয়া ধৰ্মৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰাৰ যি পৰম্পৰা আগতে আছিল কালক্ৰমে সিও হ্ৰাস হৈ অহা দেখা হৈছে। শঙ্কৰদেৱে নিজে “চিহ্নযাত্ৰা”ৰ দৃশ্যপট আঁকা, খোহ-বাদ্য তৈয়াৰ কৰোৱা, গীত-পদ আৰু অঙ্ক ৰচাৰ পৰা সকলোখিনি কাম কৰিছিল, সেই ঐতিহ্য অৱশ্যে সৰহ-তাকৰ পৰিমাণে প্ৰায় বৰ্ত্তমানলৈকে চলি আছিল; কিন্তু শাস্ত্ৰ-চৰ্চ্চাৰ ফালটোৰ অভাৱ ভালেমান কালৰ পৰাই লক্ষ্য কৰিবলগা হৈ আহিছে। “চৰিত-তোলা’’ৰ নিচিনা এটা কথাৰ অৱশেষ অলপলৈকে আছিল; কিন্তু সম্প্ৰতি সিও লুপ্তপ্ৰায় হৈছেগৈ।