পৰম ঈশ্বৰ দেৱতাৰ
গুণৰ নাহিক অন্ত।
ইয়াৰ তত্ত্বক জানিবাঁ কেৱল
শঙ্কৰে মাত্ৰ জানন্ত।” ৩৫৮।
“হৰি-নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম-অমৃত নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিল,
বহে ব্ৰহ্মাণ্ডক ভেদি। ৩৭১।...
হৰি-ভক্তি দান দিয়া জগতক
তাৰিলা সংসাৰ-সিন্ধু।
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আৰ বন্ধু।.৩৭৬।
হৰি-ভকতিৰ পাতিলস্ত হাট
শঙ্কৰে জগত জুৰি।
ৰাম-নাম ৰত্ন বিকায়া জগতে
চলয় বৈকুণ্ঠপুৰী॥ ৩৭৪।
শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ
জানা যেন কল্পত।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু।” ৩৭৫।
অসমীয়া নামঘৰ আৰু তাৰ ওপৰত অসমীয়া সত্ৰবোৰে জাল- গোঁথাৰ দৰে গুঁথি কোচবেহাৰৰ পৰা সদিয়ালৈকে সদৌ অসম আজিও এক কৰিয়ে ৰাখিব পাৰিছে, তাত সন্দেহ নাই। শঙ্কৰদেৱৰ তিৰোভাবৰ পাছতে এক মহাপুৰুষীয়া ধৰ্ম যদিও লাহে লাহে বহু সম্প্ৰদায় আৰু সংহতি আদিত ভাগ ভাগ হ’ল, তথাপি মহাপুৰুষীয়া ধৰ্মৰ মূল “চাৰি বস্তু’’ৱে সেই বৃহত্তৰ মহাপুৰুষীয়া ধৰ্মক কৰালৰ দৰে