মঙহৰ যি ভাইসকলক আমাৰ সমাজে অস্পৃশ্য আৰু হেয় জ্ঞান কৰি ভৰিৰে মোহাৰি ৰাখিব খুজিছে, তেওঁলোকক পোনতে মুক্তি দিব নুখুজিলে আমি কেনেকৈ লোকৰ পৰা তেনে মুক্তি বিচাৰিব পাৰোঁ? ঈশ্বৰে আমাক কিয় মুক্তি দিব?—
‘যারে তুমি নীচে ফেল, সে তোমারে বাঁধিবে যে নীচে।
পশ্চাতে রেখেছ যারে, সে তোমারে পশ্চাতে টানিছে।”
(গীতাঞ্জলি)
এই অৱস্থা চকুৰ আগত ৰাখিয়ে শ্ৰীশঙ্কৰদেৱে ধৰ্মৰ ভিতৰেদি, সাহিত্যৰ ভিতৰেদি, আধ্যাত্মিক সাম্যবাদ আৰু স্বাধীনতা ঘোষণা কৰি গ'ল। কিন্তু অদৃষ্টৰ কি ফেৰ! সেই মহাপুৰুষ-প্ৰচাৰিত সাৰ্বজনীন ধৰ্ম ও আজি সাম্প্ৰদায়িক ধৰ্মত পৰিণত হল, সেই মহাপুৰুষৰ সত্ৰ-প্ৰণালীয়েও আজি জাতিৰ সৰু-বৰ ভিন কৰি আকৌ ভাই-ভাই ঠাই-ঠাই কৰি পেলাইছে। সেই মহাপুৰুষে মুছলমান, গাৰো, মিকিৰ আদি যি যি জাতিৰ ভিতৰত নিজে ধৰ্ম বিলাই গৈছে, সেইসকলৰ পো-নাতিৰ মাজত সেই শ্ৰীশঙ্কৰৰ অনুবৰ্ত্তীবিলাকে ধৰ্ম বিলাবলৈ আজি দ্বিধা বোধ কৰিছে; ইয়াতকৈ আৰু বেজাৰৰ কথা কি হব পাৰে!!
অসমীয়া সত্ৰ-প্ৰণালীয়ে আমাৰ সমাজ-শাসনৰ এটি উন্নত আদৰ্শ ৰক্ষা কৰি আছে। ইয়াৰ ভিতৰেদি সঙ্ঘবদ্ধ হৈ সমাজৰ উন্নতি আৰু একতা সাধিবলৈ যিমান সুযোগ আছে, তাতকৈ সুবিধা আৰু কি লাগিছে! গতিকে তৰুণ অসমে সেই মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ মহৎ আদৰ্শৰ উদ্দীপনা লৈ আত্ম-সম্মানক সাৰথি কৰি কাৰ্য্যক্ষেত্ৰত আগবাঢ়ি গৈ শদিয়াৰ পৰা কোচবিহাৰলৈ উন্নত-অৱনত সকালো জাতি আৰু সম্প্ৰদায়ৰ মাজত পুনৰ সেই অতীতৰ শিক্ষা-দীক্ষাৰ বিজয় পতাকা উৰুৱাব লাগিব, অসমীয়াৰ সুপ্ত জাতীয় ভাব আকৌ জগাই তুলিব লাগিব। আমাৰ জাতীয় বুৰঞ্জীত কৰ্ম্মবীৰ-ধৰ্ম্মবীৰৰ অভাৱ নাই, আদৰ্শৰ নাটনি নাই; লাগে কেৱল সেই বাটৰ বাটৰুৱা, লাগে উদ্যম আৰু লাগে সেই মহাপুৰুষৰ ভিতৰেদি পৰমেশ্বৰৰ শুভ-দৃষ্টি আৰু কৃপা-কণিকা।
⸻⸻