পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চৌত্ৰিশ

নামঘৰ আৰু সত্ৰ-অনুষ্ঠানত শঙ্কৰী সংস্কৃতি

ভাৰতৰ স্বায়ত্ব শাসনৰ প্ৰথম ধাপ ৰূপে যেতিয়া ঘাই প্ৰদেশবোৰ চীফ কমিশ্যনাৰৰ শাসনৰ পৰা গৱৰ্ণৰৰ শাসনলৈ নিয়াৰ দিহা হৈছিল, তেতিয়া এখন ক্ষুদ্ৰ প্ৰদেশ বুলি অসমক সেই নতুন মৰ্য্যাদাৰ পৰা পোনতে বঞ্চিত কৰিব খোজা হৈছিল। তেতিয়া অসমৰ পৰা দুজন প্ৰতিনিধি গৈ বিলাতত অসমৰ বাবে সেই নতুন মৰ্য্যাদাৰ দাবী কৰোতে যি যুক্তি দাঙি ধৰা হৈছিল তাৰ ঘাই ভেটি আছিল অসমৰ নামঘৰ আৰু সত্ৰ অনুষ্ঠান। আমাৰ প্ৰতিনিধিসকলে দাবী কৰিছিল—ভাৰতৰ আন আন প্ৰদেশবোৰৰ সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ তুলনাত অসম পিছ-পৰা যে নহয়েই, ই নিশ্চিতভাৱে সেইবোৰতকৈ বহুত আগবঢ়া। আজি অসমত ৰাজনৈতিক স্বায়ত্বশাসনৰ সামান্য সুবিধা এটা দিয়াত আপোনাসকলে কেৰো-ঘেঁহো কৰিছে, কিন্তু অসমে যোৱা ৪৫০ বছৰ নামঘৰ আৰু সত্ৰ-অনুষ্ঠান আদিৰ যোগে নিজ স্বায়ত্ব শাসন অতি সুচাৰুভাৱে আজিলৈকে চলাই আহিছে।

 শঙ্কৰদেৱে অৱশ্যে বৰদোৱাতে জয়ে জয়ে নামঘৰ থাপনা কৰি আদৰ্শ দেখুৱায়। তাৰ পাছত এই গুৰুজনা বা শিষ্য-প্ৰশিষ্য য'তে থাকে ত’তে এনেদৰে নামঘৰ বা কীৰ্ত্তন-ঘৰ থাপিত হয়। কালক্ৰমত এই নামঘৰবোৰ অকল সেই শঙ্কৰ গুৰু আৰু নিজৰ শিষ্য-প্ৰশিষ্য থকা ঠাইতে নহয়, প্ৰায় গাঁৱে গাঁৱে থাপিত হৈ অসমীয়া সংস্কৃতি- কলা আৰু ধৰ্মৰ প্ৰচাৰত সহায় কৰিবলৈ ধৰিলে। অকল ইমানেই নহয়, পাছত এই নামঘৰবোৰ আৱশ্যকমতে গাঁৱৰ সামাজিক আৰু সামূহিক সকলো লাগতিয়াল চৰ্চ্চাৰ কেন্দ্ৰ হৈ পৰিল;