পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০১
কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী

সনাতন ভাব, সত্য আৰু নীতি, কালৰ অধীন নহয়; বৰঞ্চ কালৰ জুয়ে পুৰি ইহঁতক অধিক উজ্জলহে কৰে। সেইহে শ্ৰীশঙ্কৰদেৱৰ ধৰ্ম্ম, নীতি আৰু মতবাদ যোৱা পাঁচ শ বছৰেও বাহি হোৱা নাই আৰু অহা পাঁচ শতিকাতো পুৰণি নহব বুলি বিশ্বাসেৰে কব পাৰি। সেই পঞ্চদশ শতিকাৰ আদৰ্শবাদ আজি কুৰি শতিকাৰ প্ৰগতিশীল যুগতো অগ্ৰগতি হৈ আছে বুলিয়েই শ্ৰীশঙ্কৰদেৱৰ সাহিত্য আজি back-number হোৱা নাই, আৰু শ্ৰীশঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্ম ও আজি dead letter নহয়।

 সৌ সিদিনা মাথোন লোকমান্য তিলকে কলে, ‘স্বৰাজ আমাৰ জন্ম স্বত্ব’; মহাপুৰুৰ শ্ৰীশঙ্কৰদেৱে সুদূৰ পঞ্চদশ শতিকাতে ইয়াতকৈ অনেক ব্যাপক আৰু গভীৰ অৰ্থত বৈষ্ণৱ ধৰ্ম্মৰ যোগেদি সাম্য-মৈত্ৰী- স্বাধীনতাৰ মহাবাণী প্ৰচাৰি গল। মহাত্মা গান্ধীৰ হৰিজন’, ‘অস্পৃশ্য বৰ্জন’, ‘হিন্দু-মুছলমানৰ একতাৰ আন্দোলন পাঁচ শ বছৰৰ পূৰ্বেই, মহাপুৰুষে অকল উপদেশেৰে নহয়, কাৰ্য্যেৰে কৰি দেখুৱাই গৈছে। “চাণ্ডালে হৰি নাম লৱে মাত্ৰ। কৰিবে উচিত যজ্ঞৰ পাত্ৰ।” আদি উপদেশৰ মৰ্মেৰে শঙ্কৰদেৱে গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, নগাৰ নৰোত্তম, কছাৰীৰ ৰমাই, কৈৱৰ্ত্তৰ পূৰ্ণানন্দ, বনীয়াৰ হৰিদাস, ভোটৰ দামোদৰ আৰু মুছলমানৰ চান্দখাঁক নিজ ধৰ্মৰ ভিতৰ সুমুৱাই হৰি-ভকত কৰি লৈছিল। সনাতন বৈষ্ণৱ ধৰ্ম্মৰ চিৰন্তন সত্যৰ ইয়াতকৈ জীৱন্ত প্ৰমাণ লাগিছেনে? আজিৰ জন- শিক্ষা আন্দোলন ভাৰতবৰ্ষৰ এটা ন কথাৰ দৰে হৈ তল-ওপৰ লগাইছে; কিন্তু মধ্যযুগৰ সেই ঘোৰ অন্ধকাৰৰ মাজতে ছন্দ, গীত, নাট, সত্ৰ আৰু নামঘৰ আদিৰ যোগে ব্যাপক আৰু সফলৰূপে শ্ৰীশঙ্কৰদেৱে নিৰক্ষৰতাৰ হেঙাৰ গুচাইছিল। সৰহ কি, কুৰি শতিকাৰ ভাৰতবৰ্ষৰ অতি আকাঙ্খিত স্বায়ত্তশাসনৰ ভেটি সহজে খহিব নোৱৰাকৈ সেই পঞ্চদশ শতিকাতে মহাপুৰুষে বান্ধি থৈ গৈছে স্বৰূপতে অসমৰ নামঘৰ আৰু সত্ৰবিলাকেই জন-শিক্ষাৰ দৰে