সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেইশ

কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী

শক্তিৰ ধ্বংস নাই, ৰূপান্তৰ আছে। শক্তিৰ দৰে পদাৰ্থৰো বিনাশ মানে ৰূপান্তৰ মাত্ৰ হব পাৰে; পিছে ইয়াৰ আমি সদায় গম ধৰিব নোৱাৰোঁ, কিন্তু ধ্বনি-প্ৰতিধ্বনিৰ পৰা শক্তিৰ ৰূপান্তৰিত অৱস্থাৰ আমি তৎ পাওঁহঁক। শ্ৰীশঙ্কৰদেৱৰ পঞ্চভূতী দেহ। কোন কেতিয়াই পঞ্চ ভূত মিহলি হল; কিন্তু অসমীয়া সঙ্গীত আৰু নাট্যকলা, অসমীয়া সাহিত্য, অসমীয়া সমাজ, অসমীয়া জাতীয়তা, অসমীয়া ধৰ্ম্ম স্বৰূপে তেওঁৰ শক্তি আজিও ৰূপান্তৰিত হৈ আছে। “জায়ন্তে চ ম্ৰিয়ন্তে চ মদ্বিধাঃ ক্ষুদ্ৰ-জন্তবঃ।” শক্তিৰ স্ফুৰণ নোহোৱা কীৰ্ত্তিহীন লোকহে যথাৰ্থতে মৰে। “কীৰ্ত্তিৰ্যস্য স জীৱতি।” অসমীয়া জাতি, ধৰ্ম্ম, সাহিত্য আৰু সমাজ জগতত তিষ্ঠি থাকে মানে স্বৰূপতে শ্ৰীশঙ্কৰদেৱৰো তিৰোভাব তিথিতকৈ আবিৰ্ভাব তিথিৰ ওপৰত সৰহ হেচা দিয়া বৰ সময়োপযোগী কথা হৈছে; আৰু ই স্পষ্টকৈ প্ৰমাণ কৰিছে, আমাৰ মনত শ্ৰীশঙ্কৰদেৱ ইমান দিন লুকাই আছিল যদিও, সম্প্ৰতি আকৌ আমাৰ মনতে সেই মহাপুৰুষ দুনাই আবিৰ্ভূত হৈছে।

 “ভাৰত ৰত্ন দ্বীপ, মনুষ্য শৰীৰৰ নৌকা।” নাও পচা বস্তু সচা, পিছে তাৰ সহায়েৰেই নেগেলা-নপচা যুগমীয়া বেহানি বা “মহাৰত্ন” বেহাই লব পাৰি। তেতিয়া অকল এই পচা শৰীৰেই নহয়, লগতে কাল আৰু দেশো সাৰ্থক হয়। “ধন্য ধন্য কলি কাল, ধন্য নৰ তনু ভাল, ধন্য ইটো ভাৰত বৰিষ।” পাৰ্থিৱ সাম্ৰাজ্য অৱশ্যে দুদিনীয়া, ইয়াৰ শাসনো সেইদৰে ছাইৰ আলি: কিন্তু শঙ্কৰদেৱৰ দৰে মহামনীষীসকলে মানুহৰ হৃদয়ত যি সাম্ৰাজ্য পাতি গৈছে, সি চিৰকাল যাউতিযুগীয়া হৈয়ে ৰৈছে; আৰু তাৰ শাসনো শিলৰআলি।