পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বত্ৰিশ

সমাজ-সংগঠনৰ অন্যান্য আহিলা

বৈষ্ণৱ লেখকসকলে এই অদ্ভুত বিশাল সাহিত্য ৰচনা কৰি অশিক্ষিত জনসাধাৰণৰ কি পৰম উপকাৰ কৰিলে তাক ভালকৈ ভাবি চাবলগীয়া। সেই কালত আজিৰ দৰে কলত চেপি হাজাৰে-বিজাৰে লাখে লাখে পুথি বিলোৱা কেনে কথা কেঁৱে জনা নাছিল গতিকে সেই অনুপাতে বিদ্যা-চৰ্চ্চাও নিছেই তাকৰ আছিল। আন পিনে, সংস্কৃত নাজানিলে বেদ শাস্ত্ৰৰ কথা, আনকি, ধৰ্ম বিষয়ে কোনো সাধাৰণ কথাকে নিজে ভু পাবৰ সুবিধা নাছিল। এনে অৱস্থাত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্যসকলে জনসাধাৰণৰ মঙ্গলৰ কাৰণে প্ৰাঞ্জল মাতৃ-ভাষাতে বেদ-বেদান্তৰ মৰ্ম সুৱলা ছন্দত আৰু গীত, পদ, ভটিম আদি নানা ৰাগ-ৰাগিনীত ভাঙি দি ধৰ্মৰ বাটৰ সকলো জেঙ গুচাই দিলে আৰু ফলত সকলোৰে মুক্তিৰ পথ সুগম হল। এতিয়া ধৰ্ম আৰু মুক্তিৰ পথ লভিবলৈ দূৰলৈ যাব নালাগে, সংস্কৃত জনাৰ আৱশ্যক নাই, পণ্ডিত নহলেও চলে; মুঠতে এতিয়া সেই ধৰ্মৰ ভুৰি ভুৰি নীতি-শিক্ষা আমাৰ হাততে। ইয়াৰ পৰা সেই কালৰ এমুঠি শিক্ষিতৰ কোনো নিজ ক্ষুদ্ৰ স্বাৰ্থত অলপ ব্যাঘাত হলেও হব পাৰে, কিন্তু জনসাধাৰণৰ ই চিৰকাললৈ যি মহা কল্যাণ সাধিলে তাৰ তুলনা দিবলৈ নাই। খৃষ্টীয় চৌধ শতিকাৰ শেষ ছোৱা কালত ইংলণ্ডৰ সামাজিক অৱস্থাও তদ্ৰুপ আছিল আৰু অশিক্ষিত জনসাধাৰণৰ মাজত গ্ৰীক আৰু হিব্ৰু ভাষাৰ পৰা বাইবেল পুণি মাতৃভাষা ইংৰাজীলৈ ভাঙি দি জন্ উইক্লিফে সেইদৰে সকলো জন- সাধাৰণৰ পৰম কৃতজ্ঞতা-ভাজন হৈ পৰিছিল; কিন্তু সেই বুলি তেওঁ যে তেতিয়াৰ সেই এমুঠি শিক্ষিত লোকৰ প্ৰতিৰোধ নোপোৱাকৈ নাছিল তেনে নহয়।