পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৯
অৱতাৰবাদ আৰু প্ৰাক-শঙ্কৰী অসম

পাতি লিখি থৈ গৈছে আৰু ইয়াৰ ওচৰতে এটা মন্দিৰৰ ভগ্নাৱশেষৰ লগত এটা ক’লা শিলৰ বাসুদেৱ মূৰ্ত্তিৰো ভগ্ন অংশ, এটা ধুনীয়া হৰ-পাৰ্ব্বতীৰ মূৰ্ত্তি আৰু শিলৰ দুটা ডাঙৰ ষাঁড় পোৱা হৈছে। ইয়াত বাজে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত থকা অষ্টম-নৱম শতিকাৰ বিষ্ণুমূৰ্ত্তি নগাঁৱৰ ডবকা, গোসাঁইজুৰি, ঘিলানি আদি ঠাইত পোৱা আৰু কেবাটাও বাসুদেৱ মূৰ্ত্তিৰ গুপ্ত ভাস্কৰ্য্যৰ লগতে ভাগৱতী ধৰ্মৰ নিদৰ্শন অসমলৈ সেই কালত সোমোৱাৰ প্ৰমাণ পোৱা হয়। তাৰ লগে লগে দুৰ্গা, চামুণ্ডা, সূৰ্য্য, গণেশ, ব্ৰহ্মা আদি দেৱতাৰ পুৰণিকলীয়া শিলৰ মূৰ্ত্তি থকা কথাই ভিন ভিন দেৱদেৱী পূজাৰো সঙ্কেত দিয়ে; আৰু ওপৰত উল্লেখ কৰা তামৰ ফলিবোৰৰ প্ৰশস্তিবোৰেও এই কথা সমৰ্থন কৰে। এইদৰে গুপ্ত ভাস্কৰ্য্য আৰু সংস্কৃত সাহিত্যৰ যোগেদি অসমলৈ বৈষ্ণৱ ধৰ্মৰ নিদৰ্শন শঙ্কৰদেৱৰ পূৰ্বতে সোমোৱা কথাত কোনো সন্দেহৰ ঠাই নাই।

⸺⸺


১৯