পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭০
যুগনায়ক শঙ্কৰদেৱ

শঙ্কৰদেৱৰ “মনতেসে আছে ইটো চৈধ্যয় ভুবন” উক্তিৰ প্ৰতিধ্বনি যেন লাগে, সপ্তদশ শতিকাৰ ইংৰাজ কৰি মিল্টনৰ পেৰাডাইজ লষ্ট্" কাব্যৰো "Mind is in its own place; it can make a haven of hell and a hell of heaven” বাক্যও তেনেদৰে “মনে পাপ, মনে পুণ্য, মনেসে নৰক” আদি পদৰ ইংৰাজী ভাঙনি যেন লাগে। সি যি হওক, মানসিক জগতৰ আভাস দিয়াৰ পাছত শঙ্কৰদেৱে ভৌতিক আদি জগতৰ এই বিৱৰণ দিছে:

“গন্ধ গুণ পৰশ শব্দ ৰূপ ৰস।
এঘাৰ ইন্দ্ৰিয় সমে বিকাৰ ষোড়শ॥ ৭৫।
পঞ্চভূত প্ৰকৃতি মহত্ত্ব অহঙ্কাৰ।
চৌবিশ তত্ত্বৰ লেখা কৰিবোঁ‌ বিচাৰ॥ ৭৬।
কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণ।
জীৱৰূপে সৱাতো পশিলা নাৰায়ণ॥
জগতৰ কাৰণ চৌবিশ মহাতত্ত্ব।
ঈশ্বৰ ইচ্ছায়ে পাছে ভৈলা একশত॥
সৱে মিলি ব্ৰহ্মাণ্ডক কৰিলা নিৰ্মাণ।
বহলে পঞ্চাশ কোটি প্ৰহৰ প্ৰমাণ॥
এক কোটি সূৰ্য্যে যেন সম্যক প্ৰকাশি।
সুৱৰ্ণৰ ব্ৰহ্মাণ্ড জলত ফুৰে ভাসি॥
মহাজ্যোতি আবৰিয়া আছে সিটো জল।
জলক আবৰি আছে বায়ু মহাবল॥
আবৰিয়া বায়ুকো আকাশ অনিৰ্বাৰ।
আকাশকে আবৰিল মহা অহঙ্কাৰ॥
বেৰি অহঙ্কাৰকো মহত্ত্ব ৰৈলা পাছে।
মহত্ত্বকো আবৰি প্ৰকৃতি দেবী আছে॥
এহি মতে বেঢ়ি আছে সাত আৱৰণে।
পশিলা ভিতৰে তাৰ প্ৰভু নাৰায়ণে॥•••