"আৰু যে মনৰ কথা শুনিয়ো অপেক্ষি।
অকাচিলে নাটক যেন ভিন্ন ৰূপ দেখি॥ ৬৫।
মনৰ কল্পনা মানে সমস্ত সংসাৰ।
জাগন স্বপন নিদ্ৰা তিনি বৃত্তি তাৰ॥
আছে মন সমস্ত প্ৰাণীৰ শৰীৰত।
ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত॥ ৬৬।
তাকে বুলি জীৱ মন-এৰে ভিন্ন নুই।
একে পিণ্ড ভৈল যেৱে লোহা অগ্নি দুই॥
মনে দুঃখ পাইলে জীৱে বোলে মই পাওঁ।
মনে যৈক যাৱে জীৱে বোলে মই যাওঁ॥ ৬৭।
মনে যি কৰে জীৱে বোলে মই কৰোঁ।
মনৰ মৰণে জীৱে বোলে মই মৰোঁ॥
যেন সূৰ্য্য বিশ্ব লড়ে জলৰ লগত।
জল স্থিত ভৈল বিম্ব থাকে পূৰ্বৱত॥ ৬৮।
মনৰ কৰ্মক যতো মোৰ বুলি মানে।
কৰ্মপাশে বন্দী জীৱ এহিসে নিদানে।
আত্মাৰ প্ৰসঙ্গে মন হৱে অচেতন।
মনতেসে আছে ইটো চৈধ্যয় ভুবন॥ ৬৯।
মনে পাপ মনে পুণ্য মনেসে নৰক।
মনেসে কৰিছে ভেদ আপোন পৰক॥
যতেক ইন্দ্ৰিয়গণ মন অধীন।
মনৰেসে আজ্ঞা পালি থাকে ৰাত্ৰি দিন॥ ৭০।
মনে ওপজয় জানা মনেসে মৰণ।
মনুষৰ মনে বদ্ধ মোৰ কাৰণ।
যত দেখা দেৱ ধৰ্ম মনৰ প্ৰৱন্ধ।
তাৱে বন্দী থাকে জীৱ নেবে কৰ্মবন্ধ॥” ৭১।
আইন্ষ্টাইনৰ ওপৰত কোৱা বিজ্ঞানমূলক ধাৰণা যেনেকৈ