বাঞ্ছে ফল তযু কৰি কৃত্য। সিটো বাণিজ্যৰ নোহোঁ ভৃত্য॥৪৫১।
তোমাৰ অকাম ভৃত্য আমি। তুমিয়ো নিষ্কাম মোৰ স্বামী॥” ৪৫২।
শুদ্ধা ভক্তি অপ্ৰতিহতা আৰু অব্যৱহিতা; উশাহ-নিশাহৰ দৰে ই চিৰ বৰ্তমান :
“চৈতন্য-আদিত্য হৃদয়-আকাশে
সৰ্বদায়ে প্ৰকাশয়।
উদয়াস্ত নাই সন্ধ্যা উপাসনা
কবিবোঁ কোন সময়॥” ৩৯০।
শুদ্ধ। ভক্তি যে অব্যভিচাৰী, এই কথাত ভক্তি-ধৰ্ম চিৰমুখৰ:
“একে বাসুদেৱতেসে কৰিব ভকতি।
নকৰিব আন একো দেৱতাত ৰতি॥”
“কৃষ্ণৰ পূজায়ে সমস্তৰ পূজা হয়।
পৃথকে পূজিলে পূজা কেৱেঁ নলৱয়॥”
“অনাচাৰ কৰি মোৰ অপৰাধী নুহি।
আন দেৱ পূজে যিটো সি সি মোৰ দ্ৰোহী॥”
“অন্য দেৱী দেৱ নকৰিবাঁ সেৱ
গৃহো নপশিবা তাৰ।
মূৰ্তিকো নচাইবাঁ প্ৰসাদো নখাইবাঁ,
ভক্তি হৈব ব্যভিচাৰ॥”
তদুপৰি, শুদ্ধা ভক্তি কৃচ্ছ হীনা; হৃষিক (ইন্দ্ৰিয়) হৃষীকেশৰ কামত লগোৱা, মধ্যযুগী ধৰ্মৰ ইন্দ্ৰিয়-তাড়নাৰ বিৰুদ্ধে নৱ-বৈষ্ণৱ ধৰ্মৰ এই আন্দোলনে ইন্দ্ৰিয়ক সৎ-কাৰ্য্যত লগোৱাৰ যি আদৰ্শবাদ সি বিশেষ ভাৱে সুকবি শেখৰৰ “সহস্ৰনাম বৃত্তান্ত”ৰ প্ৰথম কবিতাটিত বিতো- পনকৈ প্ৰকাশ পাইছে:
ঘোষা :—“কি কৰিলোঁ, কি কৰিলোঁ, ভকতি নকৰি।
অন্তক পাইলেক আসি ৰক্ষা কৰাঁ হৰি।