পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৯
ভক্তিৰ বিৰোধী-অবিৰোধী কৰ্ম

বা নাজানি “বেদ” শব্দ নীচ স্বাৰ্থ-সিদ্ধিৰ বাবে নিজ সুবিধামতে ব্যৱহাৰ কৰাটোৰ বিৰুদ্ধে সাৱধান হোৱা বাঞ্ছনীয়। ইয়াত বেদ শব্দই অৱশ্যে ক্ৰিয়া-কাণ্ড বুজাইছে আৰু পূৰ্ব প্ৰসঙ্গক্ৰমে আকৌ“ভক্তি-অবিৰোধী” কৰ্ম প্ৰথম অৱস্থাত ত্যাগ কৰা অনুচিত বুলিছে। বিদ্ধাৰ পৰা শুদ্ধালৈ যাবলৈ হলে এই পদ্ধতি; কিন্তু স্বভাৱতে শুদ্ধ-চিত্ত লোকৰ বাবে শুদ্ধা ভক্তিলৈ এই বেকা বাট নাই।

 শুদ্ধা ভক্তি অহৈতুকী বা নিষ্কামী; শুদ্ধাত্মাৰ বাবে ই সহজ পথ। কৰ্ম-বিদ্ধাই হওক বা জ্ঞান-বিদ্ধাই হওক, বিদ্ধাই মানসিক দাসত্ব বুজায়; শুদ্ধাই আত্মাৰ পৱিত্ৰতাৰ দৰে স্বাধীনতাও বুজায় যে তাক বিদ্ধা ভক্তিৰ সেৱকবোৰে উপলব্ধি কৰা টান। শঙ্কৰদেৱ-মাধৱদেৱৰ পিতৃ-ধৰ্ম এই বিদ্ধা ভক্তি আছিল; শুদ্ধা ভক্তিৰ নিৰ্মল পোহৰ আৰু পৱিত্ৰ সোৱাদ পোৱা মাত্ৰকতে সেই সকলো ততালিকে এৰি তেওঁলোক ভক্ত হল। কৰ্ম-বিদ্ধাৰ স্তুতি :-

“বিধেহি দেবি কল্যাণং বিধেহি বিপুলা: শ্ৰিয়ম্।
ৰূপং দেহি জয়ং দেহি যশো দেহি দ্বিষো জহি॥”

ইয়াৰ বিৰুদ্ধে শুদ্ধা ভক্তিৰ তুতি মন কৰিবলগীয়া :

“তযু দাস কৰি প্ৰভু মোক কিনা কিনা।
আন ধন নলাগয় নাম-ধন বিনা।”

প্ৰহ্লাদ-নৰসিংহৰ কথোপকথনতে শুদ্ধা ভক্তিৰ স্বৰূপ :

“বোলন্ত প্ৰহলাদ উঠ উঠ।
লয়ো বৰ তোৰ যেন মন।
মোক দেখিলেক যিটো জন।
ভকতৰ পূৰোঁ মনোৰথ।
এহি বুলি প্ৰলোভন্ত বৰে।
ভক্তি সে পৰম লাভ জানি
জানো প্ৰভু পৰীক্ষা আমাক।

   

তোৰ ভক্তি ভৈলো মহা তুষ্ট॥
বৃথা নোহে মোৰ দৰিশন॥৪৪৮।
নাহি তাৰ পুনৰাগমন॥
দিওঁ কাম মোক্ষ ধৰ্ম অৰ্থ॥ ৪৪৯।
নবাছন্ত প্ৰহ্লাদ কুমাৰে॥
বিষ্ণুক বোলন্ত হাসি বাণী॥ ৪৫০।
সিহেতু বুলিলা হেন বাক॥