পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
যুগনায়ক শঙ্কৰদেৱ

মালা কাঢ়ি নিয়া  বিতণ্ডা কৰিয়া
 আঁড়ে কুকুৰৰ নাঞ্জে॥ ২২৬২।
ভকতৰ দুখ দেখিয়া শঙ্কৰ
 ক্ৰোধে বুলিলন্ত বাক।
তোৰা সকলক  নকৰে ব্ৰাহ্মণে,
 কৰয় নিন্দা আমাক॥
ভক্ত দুই জন যাহা এতিক্ষণ,
 কহ গৈয়া ব্ৰাহ্মণত।
কালি বুঢ়াখাৰ দপদ্বাৰে যাইবোঁ,
 চলোক মোৰ লগত॥ ২২৬৪।
ভট্টাচাৰ্য্য আদি  পণ্ডিত সকলে
 বুঢ়া খাঁ পাশে গৈলন্ত।
আশীৰ্ব্বাদ কৰি সভাৰ মধ্যত
 এক পাশে বসিলন্ত॥ ২২৬৭।
সভাত বসিয়া আছন্ত শঙ্কৰ,
 গুণন্ত মনত কাজ।
কক্ষা ভঙ্গ ভৈলে সভাৰ মধ্যত
 পণ্ডিতে পাইবেক লাজ॥ ২২৭০।
ব্ৰাহ্মণ সৱক দ্বেষ কৰিবাক
 আমাৰ নোহে উচিত।
কৃষ্ণৰ ভকতি-  পথক বিপ্ৰৰ
 মুখতে কৰোঁ বিদিত॥ ২২৭১।
পুনৰপি পাছে  পুছিলা শঙ্কৰ
 কন্দলীত ৰঙ্গমনে।
প্ৰায়শ্চিত্তো আছে  স্নান নউ কৰে
 কোন এক মূঢ়জনে॥