পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
গুৰু-চৰিতৰ পোহৰত মূৰ্ত্তি-বিচাৰ

এই ঘটনা মাধৱদেৱৰ শৰণৰ (২১৮৪-২২৫১ পদ) ঠিক পাছতেই ঘটা বেলগুৰি ধূঞাহাটৰ কথাঃ

“আত অনন্তৰে  শুনিয়োক সৱে
 যেন কথা ভৈল পাছে।
ভকতি-পন্থক  কৰয় অসূয়া
 যতেক ব্ৰাহ্মণ আছে॥ ২২৫২।
অন্যে অন্যে বোলে  শঙ্কৰ গোমস্তা
 ভকতিক প্ৰবৰ্ত্তায়।
এক শৰণীয়া  ভৈলে লোকে জোনো
 আমাৰো মান্য খণ্ডায়। ২২৫৩।
দেৱী পূজা কৰ্ম কেহো নকৰিব,
 নাপাইবোঁ দক্ষিণা দান।
কৃষ্ণৰ ভকতি  পথক নসহে,
 যতেক বিপ্ৰ প্ৰধান॥ ২২৫৪।
ভকতক দেখি  কৰিবোঁ বিতণ্ডা,
 বুলিবোঁহো নিন্দা বাক।...
নিন্দা অসূয়া বিস্তৰ কৰন্তে
 আপুনি এড়িবে ধৰ্ম। ২২৬০।
এহি বুলি সৱে গৈলা ঘৰা-ঘৰি
 কাৰো মন সুস্থ নাই॥
ভক্তে মালা ধৰি  নাম লৈয়া ফুৰে,
 ব্ৰাহ্মণে লাগল পাই।
অৰে ভকতীয়া  বুলিয়া নিন্দয়
 ক্ৰোধ কৰি মুখ চাই॥২২৬১।
ই পন্থে আমাৰ  নাসিবি ভক্তীয়া
 বুলিয়া বিস্তৰ গঞ্জে।