মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে,
একোৱে ফল নধৰে॥”
ইয়াতো বোলে হৰি-কীৰ্ত্তনৰ লগত ‘টিলিং-টালাং' বিধান দিছে!!
“কলিত হৰিৰ কীৰ্ত্তন এড়িয়া,
আন মতে চাহে গতি।
যেন কূল বধূ নিজ স্বামী তেজি
ভজে গৈয়া উপপতি॥”
নিজ পত্নীয়ে পতিৰ অভিন্ন উপপতিক ভজিলে ব্যভিচাৰ বুলি নমনাবোৰে ইয়াত নামৰ লগত টিলিং-টালাং অৰ্থাৎ পতিৰ লগত উপপতি থকাৰহে বিধান দিয়া হৈছে বুলি বুজে; নিন্দাৰ সলনি ই বন্দনাৰ পত্ৰহে হেনো!!
“হৰি ৰাম হৰি ৰাম ই মূল মন্ত্ৰ
কলিত নাহি তপ-জপ যজ্ঞ-যন্ত্ৰ॥”
ইয়াত নামক “মন্ত্ৰ” বুলিলে যেতিয়া কথাই নাই! তদুপৰি নাম স্বয়ং জপ। গতিকে ইয়াত “কলিত নাহি তপ-জপ যজ্ঞ-যন্ত্ৰ” বুলি “তপ- জপ যজ্ঞ-যন্ত্ৰ” সকলো কৰিবলৈহে কৈছে (যিহেতুকে কলিত সেইবোৰ “নাহি” অৰ্থাৎ নোহোৱা হৈ পৰিছে)!!
“তন্ত্ৰ-মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক॥
পূৰ্ণ মুহি যত যজ্ঞৰ অঙ্গ।
হৰি নামে কৰে সৱে সুসাঙ্গ॥”
এনে পদবোৰত হেনো হৰিনামৰ লগত তন্ত্ৰ-মন্ত্ৰ যাগ-যজ্ঞ কৰিবলৈহে আটাইকে “মহাৰাণীৰ দোহাই" দিয়া হৈছে। ইয়াকেহে কয় বোলে মূৰ্খ আৰু পগলা গছৰ গুটি নহয়।
তীৰ্থ-শুদ্ধিৰ মুৰ্খতাৰ বিৰুদ্ধে কবীৰে নানা শিক্ষা দিছিল। “তীৰথ্ মে তো সব পানী হ্যায়, হোৱে নাহি কুছ্ নাহি দেখা।” আন