"বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিতি ডাল পাত পুষ্প ফল॥
ডালে পাতে সিঞ্চে যদি মূলত নেদয়।
যাক দেই তাহাৰো তৃপিতি নাহিকয়॥ ২৬৭।
ক্ষুধাতুৰ নৰে যদি অমুক ভুঞ্জয়।
হোৱয় তৃপিতি তাৰ যত ইন্দ্ৰিচয়।
ভোজন নকৰি পিন্ধে নানান ভূষণ।
নুহিকে তৃপিতি তাৰ যত ইন্দ্ৰিগণ॥ ২৬৮।
সেহিমতে অচ্যুতক যিজনে পূজয়।
সৱে দেৱগণ তাত তৃপিত হোৱয়॥
কৃষ্ণক নুপূজি যিটো পূজে দেৱগণ।
একো দেৱ তাত নুহিকন্ত তুষ্ট মন”॥ ২৬৯।
ইয়াৰ ওপৰতো সেই এনে আওকথীয়াবোৰে কয় যে ইয়াত ডাল- পাতত পানী নিদিবলৈ কোৱা নাই!! এই প্ৰসঙ্গত ভাবি চাবলগীয়া, এইবোৰৰ ইমান যত্ন দেৱ-দেবীৰূপী দানৱৰ বাবে নে কোনো নৰৰূপী ৰাক্ষসৰ বাবে?
এনেকুৱা আওকথীয়াৰ সঁচবোৰেই পৱিত্ৰ নাম-মাহাত্ম্যতো একেদৰেই কালিমা সানিবলৈ দ্বিধা-বোধ নকৰে।
“সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দাপৰ যুগত পূজা।
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আউৰ নাহিক দুজ॥”
ইয়াত হেনে “আউৰ নাহিক দুজা” বুলি যেতিয়া ‘ঈশ্বৰো নাই' এনে কথা নহয়, তেন্তে হৰিৰ কীৰ্ত্তনৰ বাহিৰে অন্ততঃ “টিলিং-টালাং কচু- পাতৰ পানী” আছে নিশ্চয়!!
“কলিত হৰিৰ কীৰ্ত্তনত পৰে
অন্যত্ৰ ধৰ্ম আচৰে।