এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
যুগনায়ক শঙ্কৰদেৱ
পবিত্ৰ প্ৰীতিৰ যমুনাত সেই পৰম পিতা নাৰায়ণৰ ঐকান্তিক ভক্তিৰ গঙ্গা মিলি মুক্তি প্ৰয়াগ ৰচনা কৰিছিল। শিশু কৃষ্ণৰ উৰুখলত লাগি অৰ্জ্জুন গছ ভাগি চিন-চাব নোহোৱা হৈ কুবেৰৰ দুই পুত্ৰই মুক্তি পোৱাৰ দৰে, অজামিলৰ জীৱনৰ গড়াত বাহিৰে লহপহকৈ বঢ়া সেই পাপৰ গছ তাৰ আলুৱে সৈতে ততালিকে আপুনি উভাৰি পৰিল। পোনতে অনুতাপৰ পৱিত্ৰ পানীৰে পাপ ধুই নললে তাৰ ওপৰত নাম-মাহাত্ম্যই ক্ৰিয়া কৰিব কেতিয়াও নোৱাৰে নিশ্চয়।
⸻