পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ

পৰম ভকতে যাক নিতে কৰে ৰতি।
সেহি ভাগৱতী ধৰ্ম জানিবা নৃপতি॥৭।
আন ধৰ্মে মন্ত্ৰে-তন্ত্ৰে বহু ছিদ্ৰ হয়।
ভাগৱত ধৰ্মে নাহি সিসৱ সংশয়॥ ৪৮।
ইটো হৰি-নাম ধৰ্ম মহা গুহ্যতম্।
ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম॥
ভজে মাধৱক নাম স্মৰি সৰ্বক্ষণ।
এক বাৰে সিজে তাৰ তিনি প্ৰয়োজন॥ ৭২।
প্ৰথমে ওপজে প্ৰেম-লক্ষণা ভকতি।
গৃহ-শৰীৰত পাছে মিলে বিৰকতি॥
প্ৰেমৰ আস্পদ কৃষ্ণ-মূৰ্ত্তি স্ফূৰ্ত্তি হয়।
এক কালে মিলে আহি সম্পদ ত্ৰিতয়॥ ৭৩।
ওপজে পৰম প্ৰেম একান্ত ভজনে।
মিলে মহা তুষ্টি যেন প্ৰচুৰ ভোজনে॥ ৭৫।
বেদ-শিৰোৰত্নে কহে ইহাক সম্প্ৰতি।
কৈলোঁ‌ ভাগৱত ধৰ্ম তোমাত নৃপতি॥ ৭৭।
ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক।
প্ৰাণী সমস্তক দেখে ঈশ্বৰ মূৰ্ত্তিক॥
সমস্ত ঐশ্বৰ্য্য ব্যাপি আছে জগতত।
হেন যিটো দেখে সিটো মহা ভাগৱত॥ ৮।
একান্তে কৰয় প্ৰেম যিটে ঈশ্বৰত।
সতত আচৰ হৰি ভকতসৱত॥
অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত।
সেহিন জানিবা মধ্যম ভাগৱত॥৮১।
নুপূজে ভক্তক মান্য নকৰে প্ৰাণীক।
একে প্ৰতিমাত মাত্ৰ অৰচে হৰিক॥