সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
যুগনায়ক শঙ্কৰদেৱ

 নবাধয় দাযে তাক তেজিয়ো সংশয়।
 সত্যে সত্যে দিবো মোক সখি ধনঞ্জয়॥
 অনাচাৰ কৰি অপৰাধ মোৰ নুহি।
 আন দেৱ পূজে যিটো সেই মোৰ দ্ৰোহী॥ ৩৫।
 মহা মোক্ষ দাতা মোত পৰে নাহি কেৱ।
 তথাপিতো ত্যজি মোক পুজে আন দেৱ॥
 যিটো মহা ম্লেচ্ছ খায় কুকুৰক মাৰি।
 তাতে কৰি অপৱিত্ৰ সিটো অহঙ্কাৰী॥ ৩৬।
 দেখি বুৰ দিব লাগে নাই আন চিত্ৰ।
 চাণ্ডালৰো অস্পৃশ্য সেহিসে অপৱিত্ৰ॥
 মই নিজ পিতৃক কৰিলে অপমান।
 ব্ৰহ্মাণ্ডতে নাই পাপ তাহাৰ সমান॥” ৩৭।

এইবোৰৰ অলপ পাছৰ কালত ভাগৱতৰ বিভিন্ন স্কন্ধৰ ওপৰত ভেজা দি লিখা অন্যান্য গ্ৰন্থৰ ভিতৰত “নৱ সিদ্ধ কথা ইটো একাদশ স্কন্ধ” বিবিধ ভক্তি-তত্ত্বপূৰ্ণ। “হৰিশ্চন্দ্ৰ” আৰু “ভকতি-প্ৰদীপ”ৰ দৰে ইও নিমিৰ ৰাজয় সম্পৰ্কীয় আলোচনা:

 “কোন ভাগৱত ধৰ্ম, ভক্ত বুলি কাক।
 কোন মায়া, কোন বা উপায়ে তৰে তাক॥ ৪।
 কোন বুলি ব্ৰহ্ম কৰ্ম, যোগ কাৰ নাম।
 অৱতৰি কেশৱে কৰন্ত কোন কাম॥
 কোন যুগধৰ্ম, অভক্তৰ কোন গতি।
 এহি নৱ গোট প্ৰশ্ন পুছিলা নৃপতি॥” ৪১।

নৱ সিদ্ধই এই নৱ প্ৰশ্নৰ বিশদ সমিধান প্ৰতি-প্ৰতিকৈ দিলে, তাৰ সাৰাংশ:

 “কৃষ্ণ-পদ সেৱাতেসে হৰে সৱ দুখ।
 তাহাকে বোলয় ৰাজা অত্যন্তিক মুখ॥৪৫।