পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৬
যুগনায়ক শঙ্কৰদেৱ


মনত বোলন্ত আৱে কৰোঁ কোন কৰ্ম।
পৰ-স্ত্ৰীক আলাপিলে ভ্ৰষ্ট হইবে ধৰ্ম॥ ৩৩৯৪।
কৰিলন্ত থিৰ মানে বিমৰসি চাই।
বোলে আপোনাৰ স্বীক আলাপিবোঁ যাই॥
এহি বুলি বিপ্ৰবৰ চলি গৈলা ঘৰে।'
আপোনাৰ গৃহ যাই পাইলা অন্তৰে॥ ৩৩৯৫।
শৃঙ্গাৰ সুখক তেৱে ভাৰ্য্যাক খুজিল।
ব্ৰাহ্মণী শুনিয়া কৃষ্ণ বিষ্ণুক স্মৰিল॥
নৱগুণ পুৰি খাই সন্ন্যাসী ভৈলাহ।
ধৰ্ম-ভ্ৰষ্ট কৰি কেনে অন্যায় কৰাঁহা॥ ৩৩৯৬।
হোৱে নোহে মোৰ কথা মনে চাৱা গুণি।
কৰাঁ মন থিৰ তুমি সজ্জন আপুনি।
এহি বুলি আনি দিল পানী-দিয়া ভাত।
দিলা তাম্বুলৰ চোবা তাৰ ওপৰত॥ ৩৩৯৭।
ভাৰ্য্যাৰ বিতণ্ডা হেন দেখি মহামানী।
আপোনাক গৰিহি গৈলন্ত মনে জানি।
হেন কদৰ্থনা দেখি লাগিল বিকাৰ।
অগ্নি-ঝাস কৰোঁ বুলি মনে কৈলা সাৰ। ৩৩৯৮।
ই কথা শুনিলে লোকে গৰিহা কৰিবে।
হাসিবেক লোকে হেন দুৰ্যশ ঘোষিবে॥
জীৱনত কৰি মোৰ মৰণেসে ভাল।
এহি বুলি অগনি জ্বালিলা তৎকাল॥ ৩৩৯৯।
জাম্প দিয়া অগণিত পৰিবাক গৈলা।
হেন দেখি হৰি সন্ন্যাসীৰ আগ ভৈলা॥
বোলে বিপ্ৰবৰ তুমি মৰা কিক জানি।
নমৰিবি কহোঁ মই, শুনা মোৰ বাণী॥। ৩৪০০।