হয় আৰু তেওঁ নিজৰ আগ-গুৰি বৰ্ণোৱা প্ৰসঙ্গতহে গুৰুজনাই কেনেকৈ বিষ্ণুপুৰীৰ নাম আৰু কাহিনী প্ৰথম শুনে ৰামচৰণে তাৰ বিতং বিৱৰণ দিছে :
“এহি বুলি মেীন হুয়া সন্ন্যাসী ৰহিল।
পুনৰপি দুনাই আৰো শঙ্কৰে বুলিল॥ ৩৩৮৮।
কোন গ্ৰামে থাকাঁহা কাহাৰ তুমি শিষ্য।
বৈষ্ণৱ চৰিত্ৰ ইটো কহিলা ৰহস্য॥
হেন শুনি সন্ন্যাসী হৰিয বৰ ভৈলা।
আপোনাৰ কথা শঙ্কৰৰ আগে কৈলা॥ ৩৩৮৯।
আছিলন্ত সন্ন্যাসী মহন্ত অনুপাম।
কৃষ্ণৰ সেৱক তেন্তে বিষ্ণুপুৰী নাম॥
তান শিষ্য আছে ব্ৰহ্মানন্দ অতিশয়।
তাহান সেৱক আমি জানিবা নিশ্চয়॥ ৩৩৯০।
হেন শুনি শঙ্কৰে বুলিলা পুনু কথা।
বিষ্ণুপুৰী নাম তান ভৈল কিক তথা॥
অনন্তৰে বুলি সন্ন্যাসী মহামতি।
অল্প কৰি কহোঁ কিছু কথাক সম্প্ৰতি॥ ৩৩৯১।
এড়িল ভাৰ্য্যা নৱগুণ পূৰি খাই।
সন্ন্যাস ধৰ্মক তেহে ধৰিলন্ত যাই॥
তাতো পাছে এহিমতে কতো দিন আছে।
শুনিয়োক বাপ যেন কথা ভৈন্স পাছে॥ ৩৩৯২।
একদিন ৰহিলন্ত গঙ্গাৰ তীৰত।
এক জনী স্ত্ৰী তথা কাপোৰ ধোৱন্ত॥
হলফল কৰে তন গাৱে বস্তু নাই।
বিষ্ণুপুৰী দেখি তেব কৰি আছে চাই॥ ৩৩৯৩।
যৌৱন শৰীৰ তাইৰ গৌৰ বৰ্ণ গাৱ।
সন্ন্যাসীৰ দেখি উপজিল প্ৰেম-ভাৱ॥