পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষোল

শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য

যুগনায়ক আৰু জনসাধাৰণৰ প্ৰভেদ এই, জন-সাধাৰণ যুগৰ ৰথৰ চকৰিৰ তলত পৰে, আৰু যুগনায়কসকলে সেই ৰথৰ ওপৰত থাকি তাক চলাই দিয়ে; অৰ্থাৎ জন-সাধাৰণ হয় অৱস্থাৰ দাস আৰু যুগ- নায়কসকল হয় তাৰ নিয়ন্তা। কালিকা পুৰাণ আৰু যোগিণী তন্ত্ৰৰ বিচাৰতে দেখা পোৱা হ’ল তান্ত্ৰিক ধৰ্মৰ ভৰা সুতিৰ সমান্তৰালভাৱে, কিন্তু বিপৰীত মুখে, নৱ বৈষ্ণৱ ধৰ্মৰ খীণ সুতি ব’ব লাগিছে; জন- সাধাৰণে ভাবে যি মুখেই বওক, খীণ সুতি এৰি ভৰা সুতি ধৰাই জ্ঞানীৰ কাম। কিন্তু মনীষীসকলৰ বিচাৰ সুকীয়া, আৰু সেইখিনিতেই দুই পক্ষৰ প্ৰভেদ : খীণ সুতিয়ে বা সোতৰ বিপৰীত মুখে চলা কঠিন, কিন্তু লক্ষ্যস্থান সুনিশ্চিত; ভটিয়নী সোতত নল-খাগৰিৰ দৰে যিবোৰ উটি যায়, সিবোৰৰ সমূলে উৱাদিহ হেৰায়। বাইবোলত কৈছে, “ঠেকখন দুৱাৰেদি সোমাবাঁ, সেইপিনে মানুহৰ ভিৰ নাই; সি জীৱন মুখী। বহলখন দুৱাৰত ভিৰ-সৰহ, সি মৰণ-মুখী।” (মেথু ৭৷১৩-১৪)। শঙ্কৰ-বিৰোধী পণ্ডিতবিলাকৰ দৰে মাজৰ এক শ্ৰেণী লোক আছে; তেওঁলোকে, বাইবোলৰ ভাষাৰে, “দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজে।” (মেথু, ১৩৷১৩)। “এফালে গোটেই জগতখনকে জানিবাঁ লাভ কৰিলে, ইফালে তাৰ বাবে নিজ আত্মা হেৰুৱালে; তেওঁৰ লাভ হ’ল নে? নিজ আত্মাক বেচিব পৰা মোলৰ কিবা আছেনে?” (১৬৷২৬)।
বুদ্ধদেৱৰ দৰেই সুখ-ঐশ্বৰ্য্যৰ কোলাত লালিত-পালিত, অভাৱ- অনাটন নজনা, মহা প্ৰতাপী শিৰোমণি ভূঞাৰ উত্তৰাধিকাৰী আৰু দেৱীদাসৰ বংশধৰ ঘোৰ শাক্ত পৰিয়ালত জন্মি, স্বাভাবিক গতিত শঙ্কৰদেৱে সেই “বহল দুৱাৰেদি” সোমাব লাগিছিল; কিন্তু তেওঁৰ