পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
শঙ্কৰদেৱলৈ দৈৱিক সকীয়ন

(চ) উত্তৰ-বাহিনী গঙ্গা দেখিবাক মনে।
 চলি গৈল পাঞ্চজন পৰম যতনে॥ ২০৫৫।
(ছ) বৰাহ ক্ষেত্ৰক লাগি গৈলা ৰঙ্গ কৰি॥ ২০৫৭।
 সিটো পুণ্যভাগী ক্ষেত্ৰ দেখিলা শঙ্কৰ৷
 তেৱে আসি ভৈলা তান চল্লিশ বৎসৰ॥ ২০৫৮।
(জ) প্ৰয়াগ তীৰ্থক লাগি তেৱে চলি গৈল।
 পৰম কৌতুকে তাত স্নান-দান কৈল॥ ২০৫৮।
(ঝ) তাত পাছে পুষ্কৰিণী তীৰ্থক লৰিল॥ ২০৫৯।
(ঞ) কতো দিন অন্তৰে মথুৰা পুৰী পাই॥
 ছয় মাস ৰহিলন্ত তহিতে শঙ্কৰ॥ ২০৬০।
(ট) আমাক দেখায়ো বাপ দ্বাৰকা নগৰ॥ ২০৬১।
 চৈত্ৰ বিযু সংক্ৰমণ আসিয়া মিলিব।
 সেহি দিনা ৰুক্মিণীৰ মন্দিৰ উঠিব॥ ২০৬৩।
 ৰবিবাৰ দিনা হৈব বিষু সংক্ৰমণ।
 সমুদ্ৰক লাগি সৱে কৰিবোঁ গমন॥ ২০৬৫।
(ঠ) যমুনাক স্নানিবাক কৰিয়ো যতন॥ ২০৮৭।
(ড) পুনৰপি গোকুলক লাগি লড়িলন্ত॥ ২০৮৯।
 দ্বাদশ বছৰ তীৰ্থ কৰি ফুৰিলন্ত।
 অনন্তৰে আসি নিজ মন্দিৰ পাইলস্ত॥ ২১২৯।

তেন্তে ১৪৯০ খৃৃঃত ৪১৷৪২ বছৰত গুৰুজনে তীৰ্থ-ভ্ৰমণৰ সমাপনেৰে আদ্যলীলা সম্পূৰ্ণ কৰে।

⸻⸺