পোন্ধৰ
শঙ্কৰদেৱলৈ দৈবিক সকীয়ন
শঙ্কৰদেৱৰ, তথা পৃথিবীৰ সদৌ ধৰ্মৰ, প্ৰৱৰ্তকৰ প্ৰতিভা বিকাশৰ বাবে দৈৱশক্তিয়ে সকীয়াই দিয়া মন কৰিব পাৰি। বুদ্ধদেৱৰ দৰে শঙ্কৰদেৱো ওপজা চৈধ্য দিনৰ পিছতে মাক ঢুকায়;—
“সেহি দিন শুক্ৰবাৰ পঞ্চদশ দিন।
সেহি বেলা সতীৰ ভৈলেক আয়ু খীণ॥ ৬২৪।
সত্য সন্ধা বোলে ওবা শুনিয়োক স্বামী।
পৰলোকে স্বামী হেৰা যাওঁ আৱে আমি। ৬২৭।
খেৰসূতী বুঢ়ী তাতে কান্দে ৰাও বান্ধি।
সূৰ্যবৰে ওচৰে বসিল কান্দি কান্দি॥” ৬২৮।
তাৰ পাছতেই পাঁচ বছৰ বয়সীয়া শঙ্কৰদেৱক বুঢ়ীমাক খেৰসুতীৰ হাতভ গতাই পিতা কুসুম্বৰ ঢুকায়ঃ-
“বছৰ পঞ্চেক পুনু আসিয়া মিলিলা॥ ১০৬৭।
“চক্ষুক মুদিয়া নিশ্বাস তেজিয়া
কুসুমে কৰিয়া শোক।
ছাড়িলন্ত প্ৰাণ গৈল মায়া থান,
গেড়ি পাৰি কান্দে লোক॥” ১১৩৪।
বুঢ়ীমাকৰ বচনতে বাৰ বছৰ বয়সত শঙ্কৰদেৱ পঢ়াশালিলৈ যায়, আৰু অলপ দিনৰ ভিতৰতে আন ছাত্ৰবোৰক চেৰ পেলাই শঙ্কৰদেৱ আগ বাঢ়ে। ভূষণে লিখিছেঃ-
“আজিকালি কৰি শীঘ্ৰে পঢ়ন্ত শঙ্কৰ।
ধৰিলন্ত লাগ আন ছাত্ৰ সমস্তৰ॥