পৃষ্ঠা:Yugnayak Sankardeva.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
যুগনায়ক শঙ্কৰদেৱ


বোলে গোসানীৰ পূজা প্ৰথমে কৰিব।
গোসানীৰ প্ৰসাদ আমাক আগে দিব॥
এহি মতে নাৰায়ণে কৰি নিবন্ধন।
দণ্ডৱতে প্ৰণমিলা দুৰ্গাৰ চৰণ॥” ৫৫২।

এই ঘটনা শঙ্কৰদেৱৰ তিৰোভাৱৰ মুঠেই বাৰ বছৰৰ আগৰ

ঘটনা; আৰু এই নৰনাৰায়ণ-চিলাৰায়েই এই ঘটনাৰ অলপ দিনৰ পাছতেই শঙ্কৰদেৱৰ প্ৰৱৰ্তিত ধৰ্ম-গ্ৰহণৰ বাবে ব্যাকুল হৈছিল। সি যিহওক, ইয়াত স্পষ্ট নোকোৱাত এক লক্ষ বলিৰ ভিতৰত নৰ-বলি আছিল-নাছিল ধৰা টান; কিন্তু অন্ততঃ দশম শতিকাৰ ভিতৰত এই কামৰূপতে ৰচিত বোলা ভাৰত-প্ৰসিদ্ধ কালিকা পুৰাণত কামাখ্যাকে কেন্দ্ৰ কৰি অসংখ্য পীঠৰ বৰ্ণনাৰ (৫২১-১৪৮) বাহিৰেও তাৰ ৬৭তম অধ্যায়ত নৰ-বলিৰ বিধান বিশদভাৱে বৰ্ণোৱা আছে : তাৰ কেইটি- মান শ্লোক উদ্ধত কৰা হল :

শাৰ্দুলশ্চ নৰশ্চৈব স্বগাত্ৰকধিৰম্ তথা। ৪।
মৃগাণাং শোণিতৈৰ্নিবী নৰাণামপি শোণিতৈঃ।
অষ্টমাসানৱাপ্নোতি তৃপ্তিম কল্যাণান্দ চ
নৰেণ বলিনা দেৱী সহস্ৰং পৰিবৎসৰম।
বিধিনা দত্তেন চাপ্নোতি তৃপ্তিং লক্ষং ত্ৰিভিন ৰৈঃ॥
নৰেনবাম মাংসেন ত্ৰিসহস্ৰাঙ্ক বৎসৰাণ।
তৃপ্তিমাগ্নেতি কামাখ্যা ভৈৰৱীমমৰূৰধ্বক্॥ ২।
সত্ৰপুৰান শাণিতন্তু পীয়ুৰান্ জগতে সদা। ২১।
মন্ত্ৰকাঞ্চাপি তস্যাক্তি মাংসাঞ্চাপি তথা শিৱ।
তম্মাত্তু পূজনে দদ্য়াদলিং শীৰ্ষ চ মোহিতম্॥

মানুহৰ মূৰ কেনে ধৰণে দেৱীৰ আগত দিব লাগে আৰু ছিগা মূৰে হাঁহিলে কি হয়, তাকে এনেবোৰ গোকত বৰ্ণাইছে সেই একে অধ্যায়তঃ