পৃষ্ঠা:Yugnayak Sankardeva.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
যুগনায়ক শঙ্কৰদেৱ

বোৰৰ সদৌ জ্ঞান সুমৰি তাৰ সাৰাংশ গ্ৰহণ কৰা বাৰে গীতাক বোলা হয় বেদৰ প্ৰস্মৃতি স্থান। মাধৱদেৱে তাকে কৈছে—্

“মাধৱে বোলন্ত শ্ৰুতি স্মৃতি   মোৰ আজ্ঞা-বাণী জানা নিষ্ঠ,
  আক যিটো জনে উলঙ্ঘিয়া প্ৰৱৰ্ত্তয়।
ভৈল সিটো মোৰ আজ্ঞা-ছেদী,  মোক দ্বেষ কৰিলেক আতি,
 মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহয়।্॥” ৬২৫।

 বেদান্তদৰ্শন ন্যায়প্ৰস্থানৰ সূত্ৰ ৫৫৫টি; তাৰ ওপৰতে শঙ্কৰাচাৰ্য্য ৰামানুজ প্ৰভৃতিয়ে ভিন্ ভিন্ মত গঠন কৰি ভিন্ ভিন্ পথ প্ৰদৰ্শন কৰিছে। মূল বস্তু ব্ৰহ্মই যেতিয়া প্ৰতিপাদ্য বিষয়, আচাৰ্য্যসকলৰ মতভেদ মাত্ৰ ব্ৰহ্মৰ স্বৰূপ বা উপলব্ধি লৈহে, অস্তিত্বত নহয়। শঙ্কৰাচাৰ্য্যৰ শাৰীৰক ভাষ্য মতে, উপনিষদৰ “একমেৱাদ্বিতীয়ম্’’ ব্ৰহ্মই একমাত্ৰ সংবস্তু; তাৰ বাহিৰে জীৱ আৰু জগৎ সকলো অসৎ। ৰজ্জুত (জৰী) যেনেকৈ সাপ বুলি ভ্ৰম উপজিব পাৰে, কিন্তু সৎ জ্ঞানৰ উদয় হলেই সেই জৰীত সাপৰ বিলয় হয়; তেনেকৈয়ে মায়াৰ প্ৰভাৱত ব্ৰহ্মতে জীৱ আৰ জগতৰ উৎপত্তি দেখিবলৈ পোৱা হয় আৰু মায়া আঁতৰিলেই জীৱ আৰু জগত ব্ৰহ্মতে লয় পায়। মাধৱদেৱে লিখিছে—

“হৰিসে কেৱলে সঞ্চা মাত্ৰ,   ৰাম ৰাম ৰাম ৰাম ৰাম,
  তান্ত বিনে মিছা যত দেখি-শুনি মানে।
তাক যিটো মিছা কৰি আশা,   ৰাম ৰাম ৰাম ৰাম ৰাম,
  দুৰাচাৰ মন মৰস কেনে অজ্ঞানে॥ ৬৩৩।

শঙ্কৰাচাৰ্য্যৰ মতে “সো’হং’’বা “অহং কা ব্ৰহ্মাস্মি” ভাব উপলব্ধিয়েই অৰ্থাৎ সৎ (গ) বস্তুৰ জ্ঞান-লাভেই মায়া-তৰণৰ উপায়।

 বিশিষ্টাদ্বৈতবাদ নামেই কয় শঙ্কৰাচাৰ্য্যৰ মৌলিক অদ্বৈতবাদ মতৰ ই এক সংস্কৰণ মাত্ৰ; অৰ্থাৎ ব্ৰহ্মই সৎ আৰু মূল, আৰু জীৱ আৰু জগৎ ব্ৰহ্মৰ পৰাই ওলাইছে, তাত সন্দেহ নাই। কিন্তু এই মতে ব্ৰহ্মৰ