পৃষ্ঠা:Swagatam Pariksha.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

কৰি গৈছে বা প্ৰতিদিনেই কৰিয়েই আছে আৰু সেইবোৰ পত্ৰ-পত্ৰিকা আৰু পুথি আদিত প্ৰকাশ হৈয়েই আছে। ছাত্ৰ-ছাত্ৰীসকলে কোনো পাঠ্যক্ৰমৰ অধ্যয়নৰ আৰম্ভণিৰ পৰাই এইবোৰৰ প্ৰতি কৌতূহলী হ’ব লাগে আৰু দৰকাৰী কৌশলবোৰ চমুকৈ বেলেগকৈ এখন বহীত টুকি ৰাখিব লাগে। অৱশ্যে উপযুক্ত ঠাইত সঘন ব্যৱহাৰহে এইবোৰ মনত ৰখাৰ প্ৰকৃষ্ট উপায়। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যক অনুযায়ী মনত ৰখাৰ বিভিন্ন কৌশল উদ্ভাৱন কৰিবলৈ যত্ন কৰিব লাগে। ইয়াত বিভিন্ন কৌশলসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা নহ’ল।

 মুঠতে এনেদৰে সুনিৰ্দিষ্ট পৰিকল্পনাৰে সময়ৰ সদ্ব্যৱহাৰ কৰি অধ্যয়ন আগবঢ়াই নিলে কঠিন পাঠসমূহো এক যুক্তিযুক্ত সময়ৰ ভিতৰতে পৰীক্ষাৰ্থীসকলৰ আয়ত্তাধীন

হ’বলৈ বাধ্য।❏

৪৭