পৃষ্ঠা:Swagatam Pariksha.pdf/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ইংৰাজীৰ টোকা প্ৰস্তুতি

 এই অনুচ্ছেদত আমি ইংৰাজী বিষয়ৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে আলোচনা কৰিম। যিহেতু অসমীয়া বিষয় বা ইংৰাজী বিষয়ৰ প্ৰশ্ন গাঁথনিৰ বহুখিনি মিল আছে, গতিকে ইংৰাজী বিষয়ৰ টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আমি অসমীয়াৰ দৰেই পদ্ধতি অনুসৰণ কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আন এটা অতিৰিক্ত কাম কৰিবলগীয়া আছে। সেয়া হ’ল, ইংৰাজী পাঠবোৰৰ অসমীয়া অনুবাদৰ টোকা প্ৰস্তুত কৰা। বিভিন্ন সহায়ক পুথি, প্ৰসংগ পুথি, অভিধান আদিৰ সহায় লৈ আৰু বিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ইংৰাজী পাঠৰ অসমীয়া অনুবাদ প্ৰতিটো পাঠৰ টোকা লিখাৰ আৰম্ভণিতে লিখি ল’ব লাগে। তদুপৰি শব্দ-অৰ্থসমূহ লিখোতে ইংৰাজী শব্দৰ ইংৰাজী প্ৰতিশব্দ লিখাৰ লগতে অসমীয়া অৰ্থসমূহো লিখিব লাগে।

 কিন্তু ইংৰাজী বিষয়ৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ হ’লে সবাতোকৈ বেছি আৱশ্যকীয় কথা হ’ল— সৰল আৰু শুদ্ধভাৱে নিজাকৈ ইংৰাজী ভাষা লিখিব পৰা যোগ্যতা অৰ্জন কৰাটো। প্ৰধানতঃ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে বহু ক্ষেত্ৰত ইংৰাজী পাঠবোৰৰ প্ৰশ্নোত্তৰসমূহ জানিলেও শুদ্ধ ইংৰাজী নিজাকৈ লিখিব নোৱাৰাৰ বাবেই পৰীক্ষাত ভাল ফলাফল আশা কৰিব নোৱাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী ভাষা শুদ্ধভাৱে লিখিবলৈ প্ৰথম অৱস্থাৰ পৰাই প্ৰচেষ্টা চলোৱা উচিত।

 কোনো ভাষা শিকাৰ স্বাভাৱিক পদ্ধতি হল— ভাষাটোৰ জৰিয়তে হোৱা কথোপকথন শুনা, নিজে ক’বলৈ যত্ন কৰা, পঢ়া আৰু শেষত নিজে লিখিবলৈ চেষ্টা চলোৱা। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী ভাষা কোৱাৰ ক্ষেত্ৰত গুৰুত্ব নিদিলেও শুদ্ধ ইংৰাজী লিখিবলৈ হ’লে বাকীকেইটাত গুৰুত্ব দিবই লাগিব। গতিকে এই ক্ষেত্ৰত আগবাঢ়িবলৈ হ’লে যদি সম্ভৱপৰ পোনতে ছাত্ৰ-ছাত্ৰীসকলে এই বস্তুকেইপদ সংগ্ৰহ কৰিব লাগিব—এখন ইংৰাজী-অসমীয়া অভিধান বা ডিক্সনাৰী, এখন অসমীয়া-ইংৰাজী শব্দকোষ বা ৱৰ্ডবুক, এটি সৰু ৰেডিঅ’ আৰু এখন দৈনিক ইংৰাজী বাতৰি কাকত। ৰেডিঅ’টোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে দিনে কমেও ১০/১৫ মিনিটমান ইংৰাজী বাতৰি মনোযোগেৰে শুনি তাক বুজিবলৈ যত্ন কৰিব লাগে। টিভিত ইংৰাজী বাতৰি

চালে কিন্তু নহ’ব। কাৰণ ইয়াত শুনাতকৈও দৃশ্যৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব আৰোপ কৰা

৩৩