পৃষ্ঠা:Swagatam Pariksha.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে গ্ৰাম্য পৰিবেশত ডাঠকৈ ঢকা খেৰৰ চালৰ বাঁহৰ ঘৰেই বহু পৰিমাণে শীত-তাপ নিয়ন্ত্ৰিত ঘৰৰ কাম কৰে আৰু গাঁৱৰ ছাত্ৰ- ছাত্ৰীসকলে এনেকুৱা কোঠাকেই পঢ়া কোঠা হিচাপে সুন্দৰভাৱে ব্যৱহাৰ কৰিব লাগিব। সম্পূৰ্ণ নিৰ্জনতা নে কিছু পৰিমাণে কোলাহল পঢ়াৰ বাবে উপযোগী সেই বিষয়ে মতভেদ আছে যদিও অধিক কোলাহলে যে অধ্যয়নত বাধা জন্মায় সি নিশ্চিত। গতিকে ছাত্ৰ-ছাত্ৰীসকলে সদায় এক কোলাহলমুক্ত পৰিবেশ লাভ কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। এটা অঞ্চল বা চুবুৰীৰ ছাত্ৰ-ছাত্ৰীসকলে সংঘবদ্ধ হৈ সচেতনতাৰে প্ৰচেষ্টা চলালে সেই অঞ্চলটো বহুতো অপ্ৰয়োজনীয় কোলাহলৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায়। তথাপি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰে বিয়পাই দিয়া আধুনিক সভ্যতাৰ বিভিন্ন উপাদানৰ বাবে নগৰ, মহানগৰ আদি গ্ৰাম্যাঞ্চলৰ তুলনাত বহু বেছি পৰিমাণে কোলাহল অধ্যুষিত হৈ পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত বাধা জন্মাইছে। কিন্তু তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে সুযোগ-সুবিধা উলিয়াই, পৰিস্থিতিৰ লগত খাপ খুৱাই অধ্যয়ন চলাই যাব লাগিব। আনহাতে আকৌ সম্পূৰ্ণ নিৰ্জনতাতকৈও পঢ়া কোঠাত এক মৃদু সংগীত বাজি থাকিলে বহু ছাত্ৰ-ছাত্ৰীয়ে আনন্দমনেৰে পঢ়াত মনোনিবেশ কৰিব পাৰে আৰু বাহিৰা অদৰকাৰী কোলাহলেও আমনি কৰিব নোৱাৰে। এনে ক্ষেত্ৰত সুবিধা থাকিলে ৰেডিঅ’, টেপৰেকৰ্ডাৰ বা গ্ৰামোফোনৰ পূৰ্ণ সুযোগ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব লাগে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে স্থাপন কৰা হয় আৰু উপৰোক্ত সুযোগ-সুবিধাবোৰৰ প্ৰতি লক্ষ্য ৰখা হয়। কিন্তু প্ৰায়বোৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসৰ কোঠাসমূহত দুই-তিনিগৰাকী ছাত্ৰী-ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হয়। গতিকে এনে ক্ষেত্ৰত আবাসীসকলে নিজৰ মাজতে পঢ়াশুনাৰ সময় আদি বিভিন্ন বিষয় খাপ খুৱাই চলিব লাগিব। কিন্তু কোনো ক্ষেত্ৰতে কোনো আবাসীৰে অধ্যয়ন ক্ষতিগ্ৰস্ত হ’ব নোৱাৰিব।

 শেষত কওঁ, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া কোঠাত মেজ, চকী আদিৰ উপৰিও আন কিছুমান বস্তু, যেনে– টেবিল ঘড়ী বা ৱাল ঘড়ী এটা, এটা ৰেডিঅ’, অভিধান আদি থকাটো ভাল। মুঠতে সকলো পৰিস্থিতিতে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত তীব্ৰভাৱে

আত্মনিয়োগ কৰিবই লাগিব, পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ’লে।

২৩