ব্ৰহ্মাক আৰাধি ৰাজা মহা ধৰ্ম্মশীল।
ব্ৰহ্মলোক হন্তে গঙ্গা নমায়া আনিল॥
বিষ্ণুপদৰজমিশ্ৰ তুলসী সহিত।
ভৈল সৰ্ব্বোত্তম গঙ্গা জগতে বিদিত॥
নাহি ত্ৰিভুবনে তীৰ্থ গঙ্গাৰ সমান।
যত মহাজন সবে কৰিলন্ত স্নান॥
ব্ৰাহ্মণ বুলিয়া গৰ্ব্ব কৰিলোঁ মনত।
গঙ্গা আদি তীৰ্থ আছে মোৰ শৰীৰত॥
নকৰিলোঁ স্নান মই গঙ্গাৰ জলত।
শাপিলন্ত গঙ্গা ক্ৰোধ কৰিয়া মনত॥
মোত স্নান নকৰিলি ব্ৰাহ্মণ গৰ্ব্বত।
এহি পাপে তোৰ জন্ম হৈব চণ্ডালত॥
গুহ নামে হৈবি তই ৰাজা চণ্ডালৰ।
এহি বুলি পাচে সীমা দিলন্ত শাপৰ॥
থাকয় তোহোৰ মন যেবে মোক প্ৰতি।
জন্মে জন্মে মোত তেবে কৰিবি ভকতি॥
এক শত জন্ম মোত ভক্তি কৰ যেবে।
ইতো পাতকৰ বিপ্ৰ মুক্ত হৈবি তেবে॥
যেবে দৰশন তই পাস শ্ৰীৰামক।
একে জন্মে তোৰ তেবে খণ্ডিব পাতক॥
এহি সীমা থৈয়া গঙ্গা দিলা মোক শাপ।
উপজিলোঁ চণ্ডালযোনিত মই পাপ॥
ভৈলা নাৰায়ণ ৰঘুবংশে অৱতাৰ।
তযু দৰশনে পাপ গুচিল আমাৰ॥
তোমাৰ চৰণে আবে লৈলোহোঁ শৰণ।
তুমি বিনে মোৰ গতি নাহি আন জন॥
সদা সেৱা কৰি মই থাকিবো তোমাক।
তোমাৰ পিতৃত মাগি লৈয়োক আমাক॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
গুহ চণ্ডালৰ বৃত্তান্ত।