লব লাগে। এই দৰে কথা ঠিক কৰি ললে লিখোঁতে আৰু একো টান পোৱা নাযায়; শব্দ, উপমা, কথাৰ মিল সকলো আপুনি কাপৰ মুখেৰে ওলাবলৈ ধৰে। কোনো নতুন বিষয় অৰ্থাৎ নকৈ ওলোৱা ভাব লৈ কবিতা লিখিব খুজিলে, সেই ভাব নতুন থাকোঁতেই আৰম্ভ কৰা উচিত। বিবেচনা কৰা, তুমি আজি এডোখৰ বৰ সুন্দৰ ঠাই দেখিল বা এটা কোনো বৰ দুখজনক কথা দেখিলা। যদি সেই বিষয় কবিতা কৰিব খোজা, তেন্তে সেই দিনাই বা তাৰ পাচ দিন অৰ্থাৎ কথাটো মনত জাগি থাকোঁতেই কবিতা লিখিলে ভাল। মনত দুখ লাগি থাকোঁতেই কবিতা কৰিলে যেনে সুন্দৰ হয়, বহুত দিনৰ পাচত লিখিলে তেনেকুৱা নহব পাৰে। এই নিয়ম মতে নচলি, যদি পদ্য লিখিবৰ মন গলেই লিখিবলৈ ধৰ, তেন্তে কথা বিচাৰি নাপাই ভাব বিচাৰি নাপাই বৰ বিৰক্ত লাগিব। যিবোৰ কবিতা পঢ়িবলৈ পোৱা, তকি লিখোঁতে যে কবিৰ মনত কিমান দুথ বা কিমান সুখ লাগিছিল, তাক তেওঁহে ভালকৈ জানে। মানুহে নে পদ্য কেৱল বিদ্যা বা বুদ্ধি দেখাবলৈ লিখে এনে নহয়। পদ্য লিখাৰ এটা বেলেগ পৱিত্ৰ সুখ আছে। তুমি পঢ়ি যিমান সুখ পোৱা, তাৰ ৮ গুণ লিখকে পায়। মই এদিন এটা কথাত বৰ আনন্দ পাইছিলোঁ, সেই কথা হবৰ বহুত দিন হৈ গল, তাক প্ৰায় পাহৰিছোঁ বুলিলেও বুলিব পাৰি। তেও যদি সেই বিষয়ে এটা কবিতা আজি লিখিবলৈ ধৰোঁ, তেনেহলে সেই দিনা যি আনন্দ পাইছিলোঁ, লিখি থাকোতে পুনৰায় সেই আনন্দ লাগিব। তেতিয়া বোধ হব যেন আকো সেই দিন উভটি আহিল, সেই আনন্দ আচলতে যেন আকৌ ভোগ কৰিবলৈ পালোঁ। এই সুখটোৰ নিমিত্তেহে পদ্য লিখাৰ যি কষ্ট, তাক ভোগ কৰিবলৈ মানুহে আগ বাঢ়ে। এই সম্বন্ধে আৰু এটা কথা আছে। যি বিষয়টো তোমাৰ মনত ভালকৈ লগা নাই তাৰ কবিতা কেতিয়াও ভাল নহয়। যি কথাৰ নিমিত্তে তুমি এদিন কান্দিছা বা যি কথাটো তামাৰ মনত বৰকৈ লাগিছিল, তাৰহে কবিতা মনোৰম হয়। বৰ বৰ কবিৰ কবিতা পঢ়ি চালে দেখা যায় যে তাৰ সৰহ ভাগেই কবিৰ নিজৰ কথা। ইয়াৰ কাৰণ এই যে সেইবোৰ কথা তেওঁৰ মনত বৰকৈ লাগিছিল, সেই দেখি তাক লিখিবলৈকো বৰ ভাল পাইছিল। কোনো কোনো কবিতাৰ ওপৰত লিখি দিয়ে, যে এই কথা কবিয়ে অমুক ঠাইত বহি অমুক সময় লিখিছিল। ইয়াৰ অৰ্থ
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৮
অৱয়ব