ভাল ভাব বা উত্তম অলঙ্কাৰ নাথাকিলেও সি এনেয়ে মিঠা। সাহিত্যৰ ৰস নুবুজা মানুহেও পদ্যৰ অলপ ৰস পাব পাৰে। আমাৰ দেশত ঢুলীয়া, খুলীয়া, বহুৱা আদি কৰি যিবোৰ মানুহে গীত গায়, সিহঁতে জানো কিবা সাহিত্য-ৰসৰ ভূ পায়? তেওঁ যে হেঁপাহ কৰি গায় তাৰ কাৰণ কেৱল এই—পদ্যত কথায় কথায় মিল থাকে, এতেকে শুনিবলৈকো মিঠা লাগে। কিন্তু গদ্য তেনেকুৱা নহয়। ভালকৈ লিখিব নোৱাৰিলে তাৰ সোৱাদ কোনো মতে উলিয়াব নোৱাৰি। সাধাৰণ মানুহৰ পক্ষেতো গদ্য কেতিয়াও সোৱাদ হবই নোৱাৰে। কিয়নো গদ্য যদি নিৰলঙ্কাৰ বা ভাবশূন্য হয়, তেনেহলে তাৰ মন আকৰ্ষণ কৰিবৰ শক্তিয়েই নাথাকে। আৰু যদি অলঙ্কাৰ বা সুন্দৰ সুন্দৰ উপমা দি গদ্য লিখা যায়, তেন্তে সাধাৰণ মানুহেহে তাৰ ভাবকে বুজিব নো- ৱাৰে। এই দেখি গদ্য কেৱল শিক্ষিত মানুহৰহে বস্তু। যদি কোনো কথা চহা মানুহৰ নিমিত্তে লিখিব খোজা, তেন্তে তাক পদ্যত লিখাহে উচিত। ইতিহাস পঢ়িলে জানিবা যে আগৰ দিনত অতি কম মানুহহে লিখা পঢ়া শিকিছিল, সৰহ ভাগেই লিখিব নোৱাৰা চহা। আৰু লিখা পঢ়া জনাৰ ভিতৰতে ৰস বুজাৰ সংখ্যা নিচেই তাকৰ। এই কাৰণ আদিতে পদ্যৰ ইমান গৌৰৱ আছিল। মাজডোখৰতে অৱশ্য কিছুমান মহৎ মহৎ লিখক ওলাইছিল, কিন্তু সিবিলাকে আদিৰ পৰা চলি অহা শ্ৰুতি মধুৰ পদ্য এৰি গদ্যত কথা লিখিবলৈ ভাল নাপাইছিল। আৰু গদ্য যে ইমান ৰসাল হয় এই কথাও তেওঁলোকে নাজানিব পাৰে। আগৰ কালত পদ্যৰ আদৰ বেছি হবৰ কাৰণ আৰু এটা আছে। সেই কালত বিজ্ঞান ইত্যাদি মূল কথাৰ বৰ চৰ্চ্চা নাছিল। যি কথা লিখিবলৈ গদ্যৰ প্ৰয়োজন তাত মানুহে মন নিদিছিল। কেৱল প্ৰকৃতিৰ ৰূপ বা মানুহৰ দুৰৱস্থা দেখি কোনো কোনো কোমলচিতীয়া মানুহে তাকে কৈ আনন্দ লভিবলৈ বা মনৰ আকোপ খেদিবলৈ দুই চাৰি কথা লিখিছিল। এনেবোৰ কথা অৱশ্য পদ্যত লিখিলে ধুনীয়া আৰু মনোৰম হয়, সেই দেখি পদ্যত লিখাও হৈছিল। পাছে বহুত দিনৰ মূৰত আহি বিজ্ঞান ওলাল, ইতিহাস লিখিবৰ সকাম হল, কোনো বিষয় লৈ লিখা লিখি কৰি তৰ্ক কৰিব লগাত পৰিল, সেই দেখি মানুহে পদ্য এৰি গদ্যত ধৰিলে। আদিতে অৱশ্য গদ্য ইমান মধুৰ নাছিল। গদ্যত
১০